ৰঙিয়াঃ অবড়োসকলৰ কথা চিন্তা নকৰি বি জে পি শাসনত তথা কেন্দ্ৰীয় চৰকাৰখনে বড়োসকলক লৈ নতুনকৈ যি ইউ টি চি গঠনৰ প্ৰস্তুতি চলিছে, এই লৈ তীব্ৰ বিৰোধিতা কৰিছে অবড়ো সুৰক্ষা সমিতিৰ লগতে অসমৰ কেইবাটাও ৰাজনৈতিক আৰু অৰাজনৈতিক সংগঠনে।
শনিবাৰে এই উপলক্ষে ৰঙিয়াৰ ঐতিহাসিক শ্বহীদ কৃষক ভৱনত অনুষ্ঠিত হয় এখন সভা। অসমৰ কেইবাটাও সংগঠনৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰা সভাখনত শেহতীয়াভাৱে কেন্দ্ৰীয় চৰকাৰে এবছু আৰু এন ডি এফ বিৰ লগত কেন্দ্ৰীয় চৰকাৰৰ এ বি মাথুৰৰ মধ্যস্ততাত লোৱা ইউ টি চিৰ প্ৰস্তাৱৰ পূৰ্ণ বিৰোধিতা কৰে।