93
ৰঙিয়াঃ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ হাইৱে চ’কত ৰৈ থকা ৰোলাৰত খুন্দিয়ালে তীব্র বেগী AS-01-M-9858 নম্বৰৰ মাৰুতি কাৰে। গুৰুতৰভাৱে আহত কাৰখনৰ চালক তথা পাৱাৰ গ্ৰীডৰ বঙাইগাঁৱৰ প্ৰৱন্ধক দেৱজিৎ চক্ৰবৰ্তী।
ততাতৈয়াকৈ আৰক্ষী আৰু স্থানীয় ৰাইজে গাড়ীৰ ভিতৰত আবদ্ধ লোকজনক উদ্ধাৰ কৰি ৰঙিয়া অসামৰিক চিকিৎসালয়ত ভৰ্ত্তি কৰায় যদিও উন্নত চিকিৎসাৰ বাবে গুৱাহাটী মেডিকেল কলেজলৈ লৈ প্ৰেৰণ কৰা হয়।