ৰঙিয়াঃ এতিহ্যমণ্ডিত মধুপুৰ সত্ৰ যদিও ৰাজ্যৰ বাহিৰত আছে তথাপিও অসমৰ তীৰ্থযাত্ৰী প্ৰায়ে সত্ৰ খনলৈ যায়৷ অসমীয়া জাতিৰ অতি আদৰৰ সত্ৰ খন বৈষ্ণৱ ধৰ্মাৱলম্বী লোকসকলৰ অন্যতম তীৰ্থভূমি বুলিও কোৱা হয়। পশ্চিমবঙ্গৰ কোচবিহাৰ জিলাৰ মধুপুৰৰ এই সত্ৰ খনতে মহাপুৰুষ শঙ্কৰদেৱ আৰু মাধৱদেৱৰ আপোন আছিল৷ সত্ৰ খনত বহু ভকতৰ সমাধি আছে বুলিও কোৱা হয়।
জগতগুৰু শংকৰদেৱে সত্ৰ খনত থাকি নাট-সাহিত্যৰ লগতে বৈষ্ণৱ ধৰ্মৰ চৰ্চা কৰিছিল বুলি উল্লেখ আছে৷ মধুপুৰ সত্ৰক দহমুকুতৰ থান বুলিও কোৱা হয়। প্ৰচাৰ মতে এই সত্ৰ খনত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দহগৰাকী আপোন শিষ্যৰ ভেটি আছে।