শিৱসাগৰঃ শিৱসাগৰৰ পৰা প্ৰকাশ পাব দ্বি-মাসিক আলোচনী ‘ৰদালিৰ ছাঁ’। ছচিয়েল মিডিয়াৰ জৰিয়তে একত্ৰিত হোৱা একাংশ লেখক-লেখিকাই প্ৰকাশ কৰিব ৰদালি ছাঁ নামৰ আলোচনী খন৷ শিৱসাগৰৰ ৰংপুৰজ্যেতি ক্লাৱত শনিবাৰে লেখক-লেখিকাসকল একত্ৰিত হৈ নজিউল্লা হাজৰিকাৰ সভাপতিত্বত এখন সভা অনুষ্ঠিত কৰে৷
সভাত মনালিছা বৰগোঁহাই গগৈ, শিখা ভূঞা হাজৰিকা, অভিজিত ভূঞা, মন্দিৰা দুৱৰা, মাচুমা মৌচম, মফিদা বেগম, জোনালী দত্ত, আতিকুৰ ৰহমানে মতামত আগবঢ়োৱাৰ ফলত অহা ২৬ নৱেম্বৰত শিৱসাগৰত ৰদালিৰ ছাঁ আলোচনীখন উন্মোচন কৰা হ’ব বুলি সিদ্ধান্ত গ্ৰহণ কৰে৷