বাইহাটা চাৰিআলিঃ কামৰূপ জিলাৰ স্বেচ্ছাসেৱী অনুষ্ঠান বেজেৰা কেন্দ্ৰীয় যুৱক সংঘই অনুষ্ঠিত কৰা প্ৰতিভা সন্ধানী পৰীক্ষাৰ ফলাফল শনিবাৰে ঘোষণা কৰে সংঘটোৱে৷ যোৱা ১৪ অক্টোবৰত বেজেৰা আঞ্চলিক মহাবিদ্যালয়ত নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ মাজত অনুষ্ঠিত হৈছিল প্ৰতিভা সন্ধানী পৰীক্ষা৷
সংঘটোৰ সাহিত্য বিভাগে শনিবাৰে ঘোষণা কৰা ফলাফল অনুসৰি প্ৰথম স্থান দখল কৰে উদয়ন বেজেৰা শান্তি নিকেতনৰ দশম শ্ৰেণীৰ ছাত্ৰ ধৃতিমান দাসে, দ্বিতীয় স্থান দখল কৰে আগডলা চাৰিআলি হাইস্কুলৰ দশম শ্ৰেণীৰ ছাত্ৰ অবিনাশক ডেকা, বেজেৰা উদয়ন শান্তি নিকেতনৰ নৱম শ্ৰেণীৰ ছাত্ৰ অনুৰাগ বৰ্মনে আৰু তৃতীয় স্থান লাভ কৰে বেজেৰাৰ শংকৰদেৱ জাতীয় বিদ্যালয়ৰ দশম শ্ৰেণীৰ ছাত্ৰী স্মৃতি কাশ্যাপে৷