newsnextone । ৰঙিয়াঃ নলবাৰীৰ পৰা চিফুং পেছেঞ্জাৰত গুৱাহাটীলৈ যাত্ৰা কৰা ৰাজস্থানী পৰিয়াল এটাৰ পৰা কালি ৰঙিয়া ৰেল জংছনত দুৰ্বৃত্তৰ দলে কৌশলেৰে নগদ তিনি লাখ টকাৰ লগতে দুই লাখ পাঁচ হাজাৰ টকাৰ এখন চেক লুট কৰি নিয়া ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

ঘটনাৰ বিৱৰণী অনুসৰি ৰাজস্থানী সম্প্ৰদায়ৰ তিনি ভগ্নী ক্ৰমে ললিতা দেৱী(জামুগুৰি),মীনা দেৱী(ৰাজস্থান) আৰু বীনা দেৱীয়ে(চাপৰমুখ) নলবাৰী চহৰত থকা তেওঁলোকৰ পৈতৃক ভূমি এটুকুৰা বিক্ৰীৰ বাবে কিছুদিন পূৰ্বে নলবাৰীৰ সম্পৰ্কীয় ভাতৃ সুশীল শৰ্মাৰ ঘৰলৈ আহিছিল ৷ উল্লেখ্য় যে তিনি ভগ্নীৰ পিতৃ পৰিয়ালৰ কোনোৱেই সম্প্ৰতি নলবাৰীত নথকাত ভূমিখণ্ড গৰাকীবিহীনভাৱে পৰি আছিল ৷

তিনি ভগ্নীয়ে সম্পৰ্কীয় ভাতৃ সুশীল শৰ্মাৰ সহযোগত এজন লোকৰ লগত ভূমি খণ্ড বিক্ৰীৰ বাবে বন্দৱস্ত কৰে ৷ সেইমৰ্মে তিনি ভগ্নীয়ে লোকজনৰ পৰা  আগধন হিচাপে নগদ তিনি লাখ টকাৰ উপৰি দুই লাখ পাঁচ হাজাৰ টকাৰ চেক এখন লয় ৷ কালি পুৱা তিনি ভগ্নীয়ে নাথমল শৰ্মা(মীনা দেৱীৰ স্বামী) আৰু সম্পৰ্কীয় ভাতৃ সুশীল শৰ্মাৰ সৈতে উজনিমুৱা চিফুং পেছেঞ্জাৰ যোগে গুৱাহাটীলৈ যাত্ৰা কৰিছিল ৷

লগত আছিল ভূমি বিক্ৰীৰ বাবে  আগধন হিচাপে লোৱা নগদ তিনি লাখ টকাৰ উপৰি নলবাৰী ইউ বি আই বেংকৰ দুই লাখ টকাৰ চেকখন ৷ ধনখিনি আৰু চেকখন ৰখা  বেগটো ৰেলৰ দবাৰ ৰেকত থৈ আটাইকেইজন ৰঙিয়া জংচন পায় ৷

ৰঙিয়া ৰেল জংচনত দবাটোৰ পৰা কিছু যাত্ৰী নামি যোৱাত আসন খালী হয় আৰু নলবাৰীৰ পৰা থিয় হৈ অহা তিনি ভগ্নীয়ে খালী আসনত বহাৰ বাবে লৰা-ঢপৰা আৰম্ভ কৰে ৷ তেনে সময়তে অচিনাক্ত দুৰ্বৃত্তই ধন আৰু চেকখন ৰখা বেগটো লৈ দবাটোৰ পৰা উধাও হয় ৷

পিছত তিনি ভগ্নীয়ে বেগটো বিচাৰি নাপাই ৰেলখনত হুৱা-দুৱা লগাই আৰু ৰেলখনৰ পৰা নামি পৰে ৷ উপায়বিহীন হৈ তিনি ভগ্নীয়ে ৰঙিয়া জি আৰ পি থানাত ঘটনাৰ বিষয়ে অৱগত কৰে যদিও আৰক্ষীয়ে বিষয়টোত গুৰুত্ব দিয়াৰ পৰা বিৰত থাকে বুলি অভিযোগ উঠিছে ৷

আৰক্ষীয়ে আনকি তিনি ভগ্নীৰ পৰা এজাহাৰ ল’বলৈয়ো অস্বীকাৰ কৰে বুলি জনা গৈছে ৷ পিছত অৱশ্যে ৰঙিয়াৰ ডি আৰ এম ৰবিলেশ কুমাৰৰ হস্তক্ষেপত জি আৰ পিয়ে তিনি ভগ্নীৰ পৰা এজাহাৰ গ্ৰহণ কৰিবলৈ বাধ্য হয় ৷  সন্দেহ কৰা মতে তিনি ভগ্নীৰ হাতত শকত পৰিমাণৰ ধন থকাৰ সম্ভেদ পাই দুৰ্বৃত্তৰ দলে নলবাৰীৰ পৰাই তেওঁলোকক অনুসৰন কৰিছিল ৷

এইক্ষেত্ৰত পৰিয়ালৰ লোকৰ যোগাযোগ থাকিব পাৰে বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে ৷ তিনি ভগ্নীয়ে গুৱাহাটীৰ এজন লোকক ললিতা দেৱীয়ে পৰিশোধ কৰিবলৈ থকা ঋণ পৰিশোধ কৰিবলৈ কালি ধনখিনি লৈ এইদৰে যাত্ৰা কৰিছিল বুলি জানিব পৰা গৈছে ৷