newsnextone । ৰঙিয়াঃ নলবাৰীৰ পৰা চিফুং পেছেঞ্জাৰত গুৱাহাটীলৈ যাত্ৰা কৰা ৰাজস্থানী পৰিয়াল এটাৰ পৰা কালি ৰঙিয়া ৰেল জংছনত দুৰ্বৃত্তৰ দলে কৌশলেৰে নগদ তিনি লাখ টকাৰ লগতে দুই লাখ পাঁচ হাজাৰ টকাৰ এখন চেক লুট কৰি নিয়া ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷
ঘটনাৰ বিৱৰণী অনুসৰি ৰাজস্থানী সম্প্ৰদায়ৰ তিনি ভগ্নী ক্ৰমে ললিতা দেৱী(জামুগুৰি),মীনা দেৱী(ৰাজস্থান) আৰু বীনা দেৱীয়ে(চাপৰমুখ) নলবাৰী চহৰত থকা তেওঁলোকৰ পৈতৃক ভূমি এটুকুৰা বিক্ৰীৰ বাবে কিছুদিন পূৰ্বে নলবাৰীৰ সম্পৰ্কীয় ভাতৃ সুশীল শৰ্মাৰ ঘৰলৈ আহিছিল ৷ উল্লেখ্য় যে তিনি ভগ্নীৰ পিতৃ পৰিয়ালৰ কোনোৱেই সম্প্ৰতি নলবাৰীত নথকাত ভূমিখণ্ড গৰাকীবিহীনভাৱে পৰি আছিল ৷