ৰঙিয়াঃ ৰঙিয়া চহৰৰ মাজমজিয়াৰ ভাৰত ভূটান আন্তঃৰাষ্ট্ৰীয় পথৰ সমীপত ৰিয়েল বিল্ডাৰৰ ৰঙিয়াত দ্বিতীয়টো জিম আজি আনুষ্ঠানিক ভাবে শুভ উদ্বোধন কৰা হয়।

সন্ধিয়াৰ ভাগত মিষ্টাৰ ইণ্ডিয়া খ্যাত গোলাপ ৰাভাই অত্যাধুনিক জিমটো আনুষ্ঠানিক ভাবে উদ্বোধন কৰাৰ পিচত এখন সভা অনুষ্ঠিত হয়।

ৰিয়েল বিল্ডাৰৰ স্বত্বাধিকাৰী তথা ৰঙিয়াৰ উদিয়মান যুৱক সমিপ ডেকাই পৰিচালনা কৰা সভাখনত বহুকেইজন আমন্ত্ৰিত ব্যক্তি উপস্থিত থাকে।

সভাত উপস্থিত থাকি ৰঙিয়াৰ বিশিষ্ট সমাজকৰ্মী ডঃ চন্দ্ৰ ধৰ ডেকা, সাংবাদিক মোস্তোফা কামাল আহমেদৰ লগতে আন কেইবাগৰাকী ব্যক্তিয়ে ভাষণ ৰাখে।

সভাত বৰ্তমান সময়ত শৰীৰ চৰ্চাৰ লগতে প্ৰয়োজনীয় খাদ্য তথা বডি বিল্ডিঙক লৈ থকা ভূল ধাৰণাসমূহৰ ওপৰতো আলোকপাত কৰা হয়।