54
তুলসীবাৰীঃ কামৰূপ জিলা কাৰাটে সন্থাৰ উদ্যোগত হাজোৰ কুলহাটি দুৰ্গা পূজা মন্দিৰ প্ৰাংগনত অনুষ্ঠিত হোৱা প্ৰথম আন্তঃক্লাব কাৰাটে প্ৰতিযোগিতাত ৰঙিয়া দলে ২৩ পদক অৰ্জনৰে সুনাম কঢ়িয়াই আনে।
প্ৰশিক্ষক মনোজ বড়োৰ তত্বাৱধানত অংশগ্ৰহণকাৰী ১৪ গৰাকী প্ৰতিযোগীৰ ক্ৰমে পূজা মেধী, ডিয়া মেধী, মাৰ্চিহা কাঞ্জ, নাৰায়ণ দাস, চন্দ্ৰশ্ৰী ব্ৰহ্ম, টায়াব খান, দিপুল ডেকা, শিৱম বড়ো, ৰাজু দাস, পৰাগজ্যোতি মহন্তই কাটা আৰু কুমিটে শাখাত ১৫ টাকৈ স্বৰ্ণ পদক অৰ্জন কৰে।