newsnextone.com | বিহালীঃ চাডেন ভিজিট কৰি দুৰ্নীতিৰ বিৰুদ্ধে এক্সন লোৱাৰ ৰাজনৈতিক নাটক ৰচা সোণোৱাল মন্ত্ৰীসভাৰ বিজেপি মন্ত্ৰী ৰঞ্জিত দত্তৰ গৃহ সমষ্টি বিহালীত কোটি কোটি টকাৰ ৰাজহুৱা ধন অপচয় আৰু লুন্ঠনৰ বাতৰি সংবাদ মাধ্যম আৰু ছ’চিয়েল মিডিয়াত সবিস্তাৰে প্ৰকাশ হোৱাৰ পিছতে সষ্টম হৈ পৰিছে মন্ত্ৰীগৰাকী৷ নিজ সমষ্টিত দুৰ্নীতিৰ অভিযোগ খাৰিজ কৰাৰ লগতে আনকি মন্ত্ৰী ৰঞ্জিত দত্তই এতিয়া বিভিন্ন কৌশল অৱলম্বন কৰি তেওঁৰ সমষ্টিৰ দুৰ্নীতিৰ তথ্য ফাদিল কৰা সাংবাদিক আৰু জাতিয়তাবাদী ছাত্র সংগঠনৰ নেতাক আক্ৰমণৰ লক্ষ্য কৰি লোৱা বুলিও অভিযোগ উত্থাপন হৈছে৷
মন্ত্রী ৰঞ্জিচত দত্তৰ ছত্রছায়াত বিহালীত সংঘটিত হোৱা পৰ্বতসম দুৰ্নীতি গাপ দিবলৈ বৃথা প্ৰয়াস কৰি মন্ত্রী গৰাকীয়ে ৰাজহুৱা ভাৱে জাতিয়তাবাদী নেতাক আক্ৰমণ কৰিবলৈ আৰম্ভ কৰা বুলিও অভিযোগ উত্থাপন হৈছে৷ বিহালীৰ পঞ্চায়তসমূহত বিজেপিয়ে অনুষ্ঠিত কৰা দলীয় ৰাজহুৱা সভাত মন্ত্রীগৰাকীয়ে আবোল তাবোল বকি গুৱাল গালি দি জাতিয়তাবাদী নেতা সাংবাদিকৰ চৰিত্রক আজুৰি আক্ৰমণ কৰা কাৰ্যত সচেতন মহলত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে৷