Home ৰাজ্যবোকাজানত বিজেপিৰ পৃষ্ঠা প্ৰমুখ নিযুক্তিৰ অনুষ্ঠানত ভাগ লয় ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসেঃ

বোকাজানত বিজেপিৰ পৃষ্ঠা প্ৰমুখ নিযুক্তিৰ অনুষ্ঠানত ভাগ লয় ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসেঃ

by News Desk
134 views
A+A-
Reset

newsnextone.com।কাৰ্বি আংলং: পাহাৰীয়া জিলা কাৰ্বি আংলংৰ উদ্যোগ নগৰী বোকাজানৰ মাজভাগত থকা ৰাধা-কৃষ্ণ বিবাহ ভৱনত আজি পূব কাৰ্বি আংলং জিলাৰ বিজেপিৰ সভাপতি তথা কাৰ্য্যবাহী সদস্য ৰতন টেৰণে সভাপতিত্ব কৰা বিজেপিৰ পৃষ্ঠা প্ৰমুখৰ পত্ৰ বিতৰণ অনুষ্ঠানত বোকাজানৰ বিধায়ক ডাঃ নোমল মমিন, বিজেপিৰ ৰাজ্যিক সম্পাদক ডঃ অমিয় কুমাৰ ভূঞা, কাৰ্বি আংলং স্বায়ত্ব পৰিষদৰ অধ্যক্ষ লংকি তিমুং, কাৰ্যবাহী সদস্য মাধুৰ্য্য ঢেকিয়াল ফুকন, জগত ছিং ইংতি আদি উপস্থিতি থাকে।আগন্তুক লোকসভা নিৰ্বাচনক লক্ষ্য হিচাবে লৈ এই পৃষ্ঠা প্ৰমূখ নিযুক্তি দিয়াৰ লগতে পৃষ্ঠা প্ৰমূখসকলে নিজ নিজ এলেকাৰ প্ৰায় ৬০ জন ভোটাৰক লগ কৰি বিজেপি দলৰ উন্নয়ন মূলক কাম কাজৰ খতিয়ান দাঙি ধৰাৰ লগতে দলটোৰ প্ৰতি আকৰ্ষিত কৰাৰ প্ৰয়াস কৰিব। ভাষণ প্ৰসংগত ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে কয় যে মূল্য বৃদ্ধি কংগ্ৰেছৰ দিনতহে হৈছিল। বিজেপিৰ দিনত কোনো অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি হোৱা নাই । পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি আন্তঃৰাষ্ট্ৰীয় সমস্যা । এই ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ কৰিব পৰা হোৱা নাই ৷ আগন্তুক লোকসভা নিৰ্বাচনত আঞ্চলিক দল অসম গণ পৰিষদৰ সৈতে মিত্ৰতাৰে ১৪ খন আসনত জয়ী হব বুলি জানিবলৈ দিয়ে বিজেপিৰ ৰাজ্যিক সভাপতি গৰাকীয়ে । আনহাতে কাৰ্বি পাহাৰত অজনজাতীয় লোকৰ ভোটাধিকাৰ কৰ্তন আৰু ভূমি অধিকাৰ খৰ্ব কৰিবৰ বাবে ২৪ টাত কৈ অধিক সংগঠনে দাবী জনায় আহিছে যদিও অজনজাতীয় লোক সকল শংকিত হোৱাৰ কোনো কাৰণ নাই বুলি সভাপতি গৰাকীয়ে সাংবাদিকক জানিবলৈ দিয়ে ।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0