Home ৰাজ্যওৰাংত আৰক্ষী দিবসৰ প্ৰাকক্ষণত ড্ৰাগছ আসক্তি আৰু গনৰোষ সম্পৰ্কে সজাগতা সভা

ওৰাংত আৰক্ষী দিবসৰ প্ৰাকক্ষণত ড্ৰাগছ আসক্তি আৰু গনৰোষ সম্পৰ্কে সজাগতা সভা

by News Desk
121 views
A+A-
Reset

newsnextone.com।ওৰাং: ওদালগুৰি জিলাৰ ওৰাং আৰক্ষী থানা চৌহদত অসম জ্যোতি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ কেশব চন্দ্ৰ বৰুৱাৰ পৌৰহিত্যত এখন সজাগতা সভা অনুষ্ঠিত হৈ যায়। সমাগত আৰক্ষী দিবসৰ সৈতে সংগতি ৰাখি ওদালগুৰি আৰক্ষীয়ে আয়োজন কৰা সভা খনত ওদালগুৰি জিলাৰ উপ আৰক্ষী অধীক্ষক মইদুল ইছলাম উপস্থিত হৈ বৰ্তমান সময়ত সমাজৰ বিভিন্ন স্তৰৰ লোকৰ মাজত দেখা দিয়া অপৰাধ প্ৰৱণতাৰ অন্যতম কাৰক মাদক দ্ৰব্য সেৱন আৰু ড্ৰাগছ জাতিয় মাদক দ্ৰব্য সমূহৰ প্ৰতি যুব প্ৰজন্মৰ অত্যাধিক আসক্তিৰ বাবে । ফলত সামাজিক ক্ষেত্ৰ খনত বিশৃংখলতাই বিৰাজ কৰে । আৰক্ষীয়ে আইন অনুসৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰি আহিছে যদিও সমাজৰ প্ৰতি গৰাকী লোক সচেতন হোৱাৰ উপৰিও বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী সকলে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি মাদক দ্ৰব্যৰ বিৰুদ্ধে এক যুঁজ দিব লাগিব বুলি উল্লেখ কৰে । ওৰাং আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গগন চন্দ্ৰ ডেকাই নবপ্ৰজন্মৰ যুবক যুবতী সকল যাতে বিপথে পৰিচালিত হব নোৱাৰে তাৰ প্ৰতি সমাজৰ সচেতন ৰাইজক নজৰ ৰখাৰ উপৰিও যিকোনো বিপদসংকুল পৰিবেশৰ সৃষ্টি হব পৰা ঠাইত আৰক্ষীৰ সহায় সহযোগ বিছাৰিবলৈ আহ্বান জনায়।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0