newsnextone.com। গোৰেশ্বৰঃ সদৌ বাক্সা জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ এক কাৰ্যনিৰ্বাহক সভা আজি বৰমা প্ৰেছ ক্লাৱত অনুষ্ঠিত হৈ যায়। জিলা সভাপতি কপিল দেৱ সিংহৰ সভাপতিত্বত আযোজিত আজিৰ সভাৰ এক সিদ্ধান্ত মৰ্মে বাক্সা জিলা আক্ৰাছুৰ সাধাৰণ সম্পাদক ৰহি ৰাজবংশীক সংগঠনটোৰ পৰা বহিস্কাৰ কৰা হয়।
অসাংবিধানিক কাৰ্যৰ সৈতে জড়িত থকাৰ অভিযোগত সম্পাদক ৰহি ৰাজবংশীক সংগঠনৰ সাধাৰণ সম্পাদক পদৰ লগতে আজীৱন সদস্য পদৰ পৰাও বহিস্কাৰ কৰা হয়। লগতে কংকৰ ৰাজবংশীক ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদকৰ দায়িত্ব দিয়া হয়।