newsnextone.com। ওদালগুৰিঃ শাৰদীয় দূৰ্গোৎসৱলৈ মাজত মাত্ৰ কিছুদিন বাকী। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ওদালগুৰিতো বিভিন্ন পূজা সমিতিসমূহে ব্যাপক প্ৰস্তুতি অব্যাহত ৰাখিছে। ওদালগুৰি চহৰখনত এইবাৰ প্ৰায় বিশখন পূজা সমিতিয়ে পূজাৰ বিশাল আয়োজন চলাইছে।
ইয়াৰ মাজতে ওদালগুৰি প্ৰশাসনে শৃংখলাবদ্ধভাৱে পূজা অনুষ্ঠিত কৰাৰ বাবে কেতবোৰ পদক্ষেপ হাতত লোৱা দেখা গৈছে। সমান্তৰালকৈ এইবাৰৰ দূৰ্গা পূজাত প্ৰশাসনে স্বচ্ছতাৰ ওপৰত গুৰুত্ব আৰোপ কৰি পূজা সমিতিসমূহলৈ কেতবোৰ নিৰ্দেশনা জাৰি কৰিছে।