54
বালিপাৰাঃ চতিয়া বিধান সভা সমষ্টিৰ অন্তৰ্গত চাৰিদুৱাৰ মৌজাৰ ৮৪০ জন হিতাধিকাৰিক আজি আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয় ৰেচন কাৰ্ড। চাৰিদুৱাৰস্থিত NGO কাৰ্যালয়ত হৰমোহন ভূঞাৰ পৌৰাহিত্যত অনুষ্ঠিত এখন ৰাজহুৱা সভাত বিতৰণ কৰা হয় এই কাৰ্ডসমূহ।
খাদ্য আৰু অসামৰিক যোগান বিভাগৰ উপ-পৰিদৰ্শক লজি বৰুৱা গগৈৰ উদ্দেশ্য বাখ্যাৰে আৰম্ভ কৰা সভাখনিত স্থানীয় বিধায়ক পদ্ম হাজৰিকাই বিতৰণ কৰে ৰেচন কাৰ্ডসমূহ।