ডিজিটেল ডেস্কঃ বহু উৎকন্ঠাৰ অৱসান ঘটাই বিচিচিআইয়ে ঘোষণা কৰিলে ভাৰতীয় দলৰ প্ৰশিক্ষক৷ প্ৰাক্তন ক্ৰিকেটাৰ ৰবি শাস্ত্ৰীক ক্ৰিকেট দলটোৰ মুখ্য প্ৰশিক্ষক হিচাবে নিযুক্তি দিয়ে বৰ্ডে৷ 

দুই বছৰৰ বাবে প্ৰশিক্ষক ৰূপে নিযুক্ত থাকিব শাস্ত্ৰী৷ নিজৰ ক্ৰিকেট কেৰিয়াৰত ৮০ খন টেষ্ট মেচ আৰু আৰু ১৫০ খন এদিনীয়া খেলাৰ অভিজ্ঞতা গোটোৱা প্ৰাক্তন ক্ৰিকেটাৰগৰাকীক লৈ উৎসাহিত ভাৰতীয় জাতীয় দলটো৷ 

চেম্পিয়নছ ট্ৰফীৰ পিছতেই দলৰ অধিনায়ক বিৰাট কোহলী আৰু প্ৰাক্তন মুখ্য প্ৰশিক্ষক অনিল কুম্বলেৰ মাজত সংঘাতে দেখা দিছিল৷ কুম্বলেৰ বিৰুদ্ধে বিচিচিআইৰ ওচৰত আপত্তি দৰ্শাইছিল একাধিক ক্ৰিকেটাৰে৷ 

ইয়াৰ পিছতে মুখ্য প্ৰশিক্ষক নিৰ্বাচন কৰিবলৈ বৰ্ডে এখন ৩ জনীয়া কমিটি গঠন কৰে৷ এই কমিটিত আছিল মাষ্টাৰ ব্লাষ্টাৰ শচীন তেণ্ডুলকাৰ, সৌৰভ গাংগুলী আৰু ভিভিএছ লক্ষ্মন৷ 

এই মুখ্য প্ৰশিক্ষকৰ পদৰ বাবে বিৰেন্দৰ চেহৱাগ নিৰ্বাচিত হোৱাৰ সম্ভাৱনীয়তৰ যথেষ্ট আছিল৷ কিন্তু সকলো সম্ভাৱনীয়তা আৰু বিতৰ্কৰ অন্ত পেলাই কমিটিয়ে ৰবি শাস্ত্ৰীক মুখ্য প্ৰশিক্ষক পদৰ বাবে নিৰ্বাচিত কৰে৷