দলংঘাটঃ দৰং জিলা ৰেডক্ৰছৰ উদ্যোগত আজি পালন কৰা হয় বিশ্ব ৰেডক্ৰছ দিৱস। এই দিৱসৰ লগত সংগতি ৰাখি দৰং জিলা ৰেডক্ৰছ ছচাইটিৰ অধ্যক্ষ চন্দ্ৰ কুমাৰ চক্ৰৱৰ্তীৰ সঞ্চালনাত এখনি সভা অনুষ্ঠিত হোৱাৰ লগতে এটি বিনামূলীয়া চিকিৎসা শিবিৰৰো ব্যৱস্থা কৰে সমিতিয়ে।
এই অনুষ্ঠানটিত উপস্থিত থাকে দৰং জিলাৰ উপায়ুক্ত অশোক বৰ্মন, মংগলদৈৰ ৰাজহ চক্ৰ বিষয়া পল্লৱী শৰ্মা চৌধুৰী, মংগলদৈ মহকুমা স্বাস্থ্য বিষয়া ৰমেশ চন্দ্ৰ গোস্বামী, নিৰ্মল বেৰীয়া, দৰং জিলা ৰেডক্ৰচৰ উপাধ্যক্ষ সমুদ্র শৰ্মা।