গোলাঘাট, ১০ জুলাই : গোলাঘাটৰ এখন আগশাৰীৰ উচ্চ শিক্ষানুষ্ঠান ৰিলায়েন্স চিনিয়ৰ ছেকেণ্ডাৰী স্কুল ( পূৰ্বৰ ৰিলায়েন্স কনিষ্ঠ মহাবিদ্যালয় ) ৰ আজি ১৮ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন কৰা হয়।
সম্প্ৰতি ক’ৰণা মহামাৰীৰ পৰিপ্ৰেক্ষিতত সীমিত সংখ্যক লোকৰ উপস্থিতিত সকলো ক’ভিড প্ৰটকল মানি আজি প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী অনুষ্টুপীয়াকৈ পালন কৰা হয়। কাৰ্যসূচীৰ আৰম্ভণিতে পতাকা উত্তোলন কৰে ৰিলায়েন্স চিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ ৰেক্টৰ ড০ তোলেন্দ্ৰ নাথ হাজৰিকাই। ইয়াৰ পিছতে শিক্ষানুষ্ঠান খনৰ প্ৰতিষ্ঠাপক পৰিচালন অধ্যক্ষ প্ৰয়াত ৰূপক গগৈৰ প্ৰতিচ্ছবি আৰু প্ৰয়াত জীৱকান্ত গগৈ আৰু প্ৰাক্তন কৰ্মচাৰী দীপক কুমাৰ ৰয়ৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে ৰেক্টৰ ড০ তোলেন্দ্ৰ নাথ হাজৰিকাই।