80
মুম্বাইঃ চাওতে চাওতে ১০০ মিলিয়ন গ্ৰাহকভূক্তি কৰিবলৈ সক্ষম হোৱা ৰিলায়েন্স জিঅ’ই চলিত বৰ্ষৰ শেষৰফালে গ্ৰাহকসকলক দিব পাৰে আন এক চমকপ্ৰদ উপহাৰ।
দেশৰ টেলিকম খণ্ডত অভূতপূৰ্ব প্ৰতিযোগিতাৰ পৰিৱেশ সৃষ্টি কৰি জোৱাৰ অনা মুকেশ আম্বানীৰ ৰিলায়েন্স জিঅ’ই ২০১৭ বৰ্ষৰ শেষৰফালে সম্প্ৰতি চলি থকা ৪জি নেটৱৰ্ক ৫জিলৈ উন্নীত কৰিব পাৰে। দেওবাৰে ইণ্ডিয়া টুডে কনক্লেভত এই কথা সদৰী কৰে ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ অধ্যক্ষ আম্বানীয়ে।