তেজে ধোৱা কৃষক বিদ্ৰোহৰ এক অধ্যায় ফুলগুৰি ধেৱা

Home ৰাজ্যতেজে ধোৱা কৃষক বিদ্ৰোহৰ এক অধ্যায় ফুলগুৰি ধেৱা

তেজে ধোৱা কৃষক বিদ্ৰোহৰ এক অধ্যায় ফুলগুৰি ধেৱা

by News Desk
475 views
A+A-
Reset

নগাঁওঃ নগাঁও জিলাবাসীৰ মানসপটৰ পৰা হেৰাই যাব নোৱাৰা এটি দিন হ’ল ১৮ অক্টোবৰ৷ এই দিনটোতে বহুকেইজন নিৰীহ নগঞা কৃষকৰ বুকুৰ কেঁচা তেজেৰে ৰাঙলী হৈ পৰিছিল গৃহভূমি৷ ব্ৰিটিছ শাসকৰ বিৰুদ্ধে নগঞা কৃষকৰ সংগ্ৰামী ইতিহাসৰ অন্য এক গৌৰবোজ্জ্বল অধ্যায় বুলি যাক সকলোয়ে আজিও স্মৰণ কৰি আহিছে৷ সেইটোয়েই হৈছে ‘ফুলগুৰি ধেৱা’৷ যাৰ লগত সাঙুৰ খাই আছে অত্যাচাৰী ইংৰাজৰ অন্যায়-উৎপীড়নৰ বিৰুদ্ধে ঠিয় দি প্ৰাণ আহুতি দিয়া ৫৪ জন ছহিদৰ সকৰুণ কাহিনী৷ 

স্মৰ্তব্য যে, ১৮৬১ চনৰ ১৮ অক্টোবৰত নগাঁও জিলাৰ পশ্চিম প্ৰান্তৰ ফুলগুৰিত ব্ৰিটিছ চৰকাৰে শোষণ,দমন আৰু অন্যায়ভাবে সংগ্ৰহ কৰা ৰাজহ ব্যৱস্থাৰ বিৰুদ্ধে যুঁজ দিবলৈ গৈ আত্মবলিদান দিয়া কৃষক ৰাইজৰ বিদ্ৰোহ ‘ফুলগুৰি ধেৱা’ ৰূপে খ্যাত৷ সেইসময়ত ইংৰাজে আফুখেতি নিষিদ্ধ, চাপৰি মাটিৰ খাজানা অস্বাভাবিক হাৰত বৃদ্ধি, উৎপাদিত সামগ্ৰীৰ ওপৰত জিজিয়া কৰ লগাই অসমবাসী জনতাক কৌশলেৰে দমন কৰি ৰাখিছিল৷ ব্ৰিটিছৰ এনে কাৰ্যৰ বিৰুদ্ধে সমগ্ৰ অসমৰ চুকে-কোণে প্ৰতিবাদৰ তীব্ৰ ঢৌ বিয়পি পৰিছিল৷ ব্ৰিটিছে অন্যায়ভাবে প্ৰয়োগ কৰা এনে কৰ শীঘ্ৰে বাতিল কৰিবৰ বাবে দাবী জনাই অসমৰ আন ঠাইৰ দৰে ফুলগুৰিৰ ৰাইজেও বিদ্ৰোহ ঘোষণা কৰিছিল৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0