105
ডিজিটেল ডেস্কঃ ১৭ অনুৰ্ধ্ব বিশ্বকাপত এছিয়া মহাদেশৰ প্ৰথমখন দেশ হিচাপে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে ইৰানে। পৰবৰ্তী খেল খনত ইৰান মুখামুখি হ’ব শক্তিশালী স্পেইনৰ।
বুধবাৰে হোৱা ইৰান মেক্সিকোৰ খেল খনত মাত্ৰ ১১ মিনিটতে ইৰানে সুযোগৰ সদব্যৱহাৰ কৰি কোৱাৰ্টাৰত স্থান নিশ্চিত কৰে। ২-১ গ’লৰ ব্যৱধানত পৰাভূত হোৱা মেক্সিকোৱে খেল খনত ফেভাৰিত হিচাপে অৱতীৰ্ন হৈছিল। কিন্তু ইৰানে শেষ বাজি মাৰি লৈ যায়।