ৰাষ্টাত ৰখাই থব নোৱাৰিব পৰিত্যক্ত বাহন

 

গুৱাহাটীঃ  এতিয়াৰে পৰা মহানগৰবাসীয়ে ৰাজপথৰ কাষত ৰখাই থব নোৱাৰিব পৰিত্যক্ত বাহন। সংবাদমেলযোগে এই কথা জনালে গুৱাহাটী মহানগৰ যান–বাহন শাখাৰ DCP প্ৰাণজিৎ বৰাই। 

উল্লেখযোগ্য যে মহানগৰীৰ বহু লোক তথা কিছুমান গেৰেজৰ মালিকে ৰাখিবলৈ ঠাইৰ অভাৱত মেৰামতিৰ অপেক্ষাত থকা নাইবা ব্যৱহাৰৰ অনুপযোগী বাহন সনুহ  ৰাজপথৰ ওপৰতে অবৈধভাৱে ৰখাই থয়৷ মহানগৰ আৰক্ষীয়ে এতিয়া প্ৰকাশ কৰা নিৰ্দেশ অনুসৰি এনেদৰে অবৈধভাৱে ৰখাই থোৱা বাহনসমুহ অহা ২৭মে’ৰ ভিতৰত পথৰ পৰা গৰাকীয়ে আঁতৰাব লাগিব অন্যথা যান–বাহন আৰক্ষীয়ে নিজাববীয়াকৈ ব্যৱস্থা গ্ৰহণ কৰিব। 

এইক্ষেত্ৰত মহানগৰবাসীক সহযোগ কৰাৰ আহ্বান কৰিবছে DCP প্ৰাণজিৎ বৰাই। উল্লেখযোগ্য যে এনে যথেষ্ট সংখ্যক বাহন ৰাজপথত ৰখাই থোৱাৰ ফলত ৰাষ্টাৰ এক বৃহৎ অংশ ব্যৱহাৰ কৰিব পৰা নাযায়৷ যাৰ ফলত পথচাৰীৰ লগতে গাড়ী,মটৰৰ চলাচলত যথেষ্ট অসুবিধাৰ সৃষ্টি হৈ আহিছে৷ এই ব্যৱস্থাৰ দ্বাৰা দীৰ্ঘদিনীয়া এক সমস্যাৰ পৰা মহানগৰবাসী মুক্ত হব বুলি আশা কৰা হৈছে৷

উক্ত সংবাদমেলত DCP প্ৰাণজিৎ বৰাই উল্লেখ কৰে যে যোৱা  ৪ মে’ৰ পৰা ২২ মে’লৈ গুৱাহাটীত নিয়ম নমনা লোকৰ পৰা ১৪ লাখ ৮৪ হাজাৰ ৫০০ টকাৰ জৰিমনা বিহিছে মহানগৰ যান–বাহন আৰক্ষীয়ে। ১১৮৫ জন লোকৰ পৰা সংগ্ৰহ কৰা হৈছে এই জৰিমনা। গোচৰ ৰুজু হৈছে ৩২০০টা। লগতেজব্দ কৰা হৈছে ৪৩৯খন বাহন।