তেজপুৰঃ দীৰ্ঘদিন ধৰি গুৰুতৰভাৱে অসুস্থ হৈ তেজপুৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা নটসূৰ্য বঁটাপ্ৰাপ্ত ভোলা কলিতাৰ আজি পুৱা বিয়োগ ঘটে৷ তেজপুৰৰ বাণ থিয়েটাৰৰ বিশিষ্ট অভিনেতা তথা সমাজকৰ্মী ভোলা কলিতা ৯১ বছৰ বয়সত বাৰ্ধক্যজনিত ৰোগত আক্ৰান্ত হৈ তেজপুৰৰ ই এম এম চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল৷
অভিনেতাগৰাকীৰ মৃত্যুত তেজপুৰৰ সাংস্কৃতিক মহলত গভীৰ শোকৰ ছাঁ পৰিছে৷ কলিতাৰ মৃত্যুত তেজপুৰ সাহিত্য সভা, উত্তৰ পশ্চিম তেজপুৰ সাহিত্য সভা, তেজপুৰৰ প্ৰাক্তন বিধায়ক ৰাজেন বৰঠাকুৰেও শোক প্ৰকাশ কৰে৷