তেজপুৰ: শিক্ষাৰ অধিকাৰ আইন উলংঘা কৰি আজি তেজপুৰৰ বাটামাৰিত এগৰাকী শিক্ষয়িত্ৰীয়ে প্ৰহাৰ কৰি ২৫ গৰাকী ছাত্ৰ-ছাত্ৰীক আহত কৰাৰ তথ্য পোহৰলৈ আহিছে। চলিত ছমহীয়া পৰীক্ষাৰ সমান্তৰালভাৱে বাটামাৰি প্ৰাথমিক বিদ্যালয়তো পৰীক্ষা চলি আছে।
আজি পৰীক্ষাত অৱতীৰ্ণ হোৱা প্ৰথম, দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে ভালকৈ অংক কৰিব নোৱৰাত বিদ্যালয়খনৰ শিক্ষয়িত্ৰী আজাৰা খাতুন অগ্নিশৰ্মা হৈ এডাল লাঠীৰে ছাত্ৰ-ছাত্ৰীসকলক প্ৰহাৰ কৰে। ফলত ২৫গৰাকী ছাত্ৰ-ছাত্ৰী আহত হয়।এইলৈ অভিভাৱকসকলে পৰিস্থিতি উত্তপ্ত কৰি তোলে।