Home অন্যান্য খবৰৰাক্ষস ৰূপ লৈছে মুদ্ৰাস্ফীতিয়ে! ভংগ ৫ বছৰ পূৰ্বৰ অভিলেখ

ৰাক্ষস ৰূপ লৈছে মুদ্ৰাস্ফীতিয়ে! ভংগ ৫ বছৰ পূৰ্বৰ অভিলেখ

by News Desk
A+A-
Reset
56inflation

নতুন দিল্লীঃ দেশত অৰ্থনৈতিক মন্দাৱস্থা অব্যাহত থকাৰ মাজতে ভূতৰ ওপৰত দানহ হৈ পৰিছে মুদ্ৰাস্ফীতি। সৰ্বাসাধাৰণৰ মূৰত ৰামটাঙোন শোধাই বিগত ৫ বছৰৰ ভিতৰত এতিয়া মুদ্ৰাস্ফীতিয়ে গঢ়িছে অভিলেখ। প্ৰকাশিত বাতৰি অনুযায়ী ২০১৯ বৰ্ষৰ ডিচেম্বৰত খুচুৰা মুদ্ৰাস্ফীতিৰ হাৰ বৃদ্ধি পাই হৈছেগৈ ৭.৩৫ শতাংশ। নৱেম্বৰ মাহত এই হাৰ আছিল ৫.৫৪ শতাংশ। অৰ্থাৎ এমাহৰ ভিতৰতে খুচুৰা পণ্যৰ মূল্যবৃদ্ধি হৈছে ১.৮১ শতাংশ।

ৰাষ্ট্ৰীয় পৰিসংখ্যা দপ্তৰ(NSO)ৰ তথ্য অনুযায়ী যোৱা ডিচেম্বৰ মাহত কেৱল মাত্ৰ খাদ্যদ্ৰব্যৰ মূল্য বৃদ্ধি পাইছে ১৪.১২ শতাংশ। কিন্তু এবছৰ পূৰ্বে ২০১৮ বৰ্ষত ডিচেম্বৰ মাহত এই হাৰ আছিল মাত্ৰ ২.৬৫ শতাংশ। ইমানেই নহয়, বিগত বৰ্ষত নৱেম্বৰ মাহত খাদ্যদ্ৰব্যৰ মূল্যবৃদ্ধিৰ হাৰ আছিল ১০.০১ শতাংশ। এই সময়ছোৱাত শাক-পাচলিৰ লগতে চাউল-দাইল, আটা-ময়দা, মাছ-মাংস তথা আন ভিন্ন ধৰণৰ খাদ্য দ্ৰব্যৰ দাম হোৰাহোৰে বৃদ্ধি পাইছে। পৰিণতিস্বৰূপে উৰ্ধগামী হৈ পৰে খুচুৰা মুদ্ৰাস্ফীতিৰ হাৰ।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0