57
শিমলুগুৰিঃ স্বাধীন অসমৰ সপোন লৈ জাতিক শোষণ নিষ্পেষণ আৰু বঞ্চনাৰ পৰা মুক্ত কৰাৰ পণ লৈ আলফাৰ সংগ্ৰাম আগবঢ়াই লৈ যোৱা একালৰ আলফাৰ সদস্য সকল আজি নিজেই চৰকাৰী বঞ্চনাৰ বলি।
বিভিন্ন সময়ত সমাজৰ মূল সুঁতিলৈ ঘুৰি সংগঠনটো সকলো পৰ্যায়ৰ নেতা কৰ্মীক চৰকাৰী পৃষ্ঠপোষকতাৰে স্বাৱলম্বী হৈ সমাজত থাকিব পৰাকৈ কেতবোৰ আঁচনিৰ অন্তৰ্ভুক্ত কৰাৰ ঘোষণা কৰা হৈছিল।