Home দেশছমাহৰ অন্তত আৰ জি কৰ মেডিকেল কাণ্ডত দোষী সাব্যস্ত অভিযুক্ত সঞ্জয় ৰায়

ছমাহৰ অন্তত আৰ জি কৰ মেডিকেল কাণ্ডত দোষী সাব্যস্ত অভিযুক্ত সঞ্জয় ৰায়

by News Desk
A+A-
Reset
rg-kar_case

কলকাতাঃ ১৬২ দিনৰ অন্তত আজি প্ৰদান কৰা হ’ল দেশ জোকাৰি যোৱা কলকাতাৰ আৰ জি কৰ মেডিকেল কলেজৰ মহিলা চিকিৎসকৰ ধৰ্ষণ আৰু হত্যাগোচৰৰ ৰায়দান। বিগত পাঁচমহীয়া বিচাৰ প্ৰক্ৰিয়াৰ অন্তত আজি এই গোচৰত একমাত্ৰ অভিযুক্ত সঞ্জয় ৰায়ক দোষী সাব্যস্ত কৰিছে শিয়ালদাহ আদালতে।

অহা সোমবাৰে আদালতে শাস্তি ঘোষণা কৰিব অপৰাধী সঞ্জয়ৰ। আদালতে সঞ্জয় ৰায়ক যাৱজ্জীৱন কাৰাদণ্ড অথবা মৃত্যুদণ্ডৰ শাস্তি বিহিব পাৰে। উল্লেখ্য যে, এই ঘটনা সংঘটিত হৈছিল বিগত বৰ্ষৰ ৯ আগষ্টত। কলকাতাৰ আৰ জি কৰ মেডিকেল কলেজ হাস্পতালত নৈশ কৰ্তব্যৰত সোদৰেপুৰৰ এগৰাকী মহিলা প্ৰশিক্ষাৰ্থী চিকিৎসকৰ মৃতদেহ উদ্ধাৰ হৈছিল হাস্পতালখনৰ ছেমিনাৰ হলত। তদন্তত চিকিৎসকগৰাকীক ধৰ্ষণ কৰি হত্যা কৰা বুলি পোহৰলৈ অহাৰ পিছতে সমগ্ৰ দেশজুৰি ক্ষোভৰ উদগীৰণ ঘটে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0