গোলাঘাট, ১২ ছেপ্টেম্বৰ : গোলাঘাটৰ আৱৰ্ত ভৱনৰ সভাকক্ষত ব্যাপক নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে যোৱা ৯ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হোৱা গঁড়ৰ খড়্গৰ পুনৰীক্ষণ প্ৰক্ৰিয়াৰ আজি সামৰণি পৰে ।
১৯ জনীয়া এখন কাৰিকৰী সমিতিয়ে খড়্গসমূহৰ পুনৰীক্ষণ প্ৰক্ৰিয়াত অংশ লয় । এই প্ৰক্ৰিয়াত মুঠ ১,১৯৭ টা খড়্গ পৰীক্ষা কৰা হয় । বন সংৰক্ষক তথা ভাৰতীয় বন সেৱা বিষয়া এম হুছেইনৰ অধ্যক্ষতাত আৰু উপ বন সংৰক্ষক খনিন্দ্ৰ দাস সদস্য সচিব হিচাপে থকা সমিতিখনত শীৰ্ষ বন বিষয়া, প্ৰকৃতিপ্ৰেমী সংগঠনৰ প্ৰতিনিধি, পৰিৱেশবিদ, সাংবাদিক আৰু কেইবাগৰাকীও বিশেষজ্ঞ আছে ।