কলিয়াবৰঃ নগাঁও জিলাৰ আৰক্ষীৰ অভিযানত জালত পৰিল গঁড় হত্যৰ সৈতে জড়িত দুই যুৱক৷ নগাঁও আৰক্ষীয়ে গোপন খবৰৰ ভিত্তিত চলোৱা অভিযানত কলিয়াবৰৰ জখলাবন্ধাৰ দাৰিগজিৰ নিতুল হাজৰিকা আৰু বৰহোলাৰ ছহিদ আলিক আটক কৰিবলৈ সক্ষম হয়৷ নিতুল হাজৰিকা কলিয়াবৰৰ আদালতৰ সন্মুখনৰ এখন দোকানত কাম কৰে বুলি জানিব পৰা গৈছে।
নিতুল হাজৰিকাই ২ আৰু ৪ অক্টোবৰত গড়ঁ হত্যাৰ পূৰ্বে চিকাৰীৰ সৈতে সঘনাই ফোন যোগে সম্পৰ্ক স্থাপন কৰি আহিছিল বুলিও আৰক্ষীয়ে তথ্য লাভ কৰে৷ দুয়ো যুৱকে চোৰাং চিকাৰীয়ে গঁড় হত্যা কৰাৰ সময়ত বন বিভাগ আৰু আৰক্ষীৰ লোকৰ অৱস্থান নিৰীক্ষণ কৰিছিল বুলিও দুয়োজন যুৱকে আৰক্ষীৰ জালত পৰাৰ পিছত বিস্ফোৰক স্বীকাৰোক্তি দিয়ে৷