বালিপৰাঃ আপুনি নিশ্চয় বিলাহী খাই৷ আপুনি বজাৰলৈ গলে নিশ্চয় পকা ৰঙা ৰংৰ বিলাহী কেইটাকে পছন্দ কৰে৷ পছন্দটো কৰিবই কিয়নো দেখাত মোহনীয় আৰ্কষনীয় হৈ থাকে৷ ঘৰলৈ বিলাহী কিনি আনি বিভিন্ন প্ৰকাৰৰ ব্যঞ্জন বনাই খাই৷ যদি আপুনি সচাকৈ বজাৰৰ পৰা বিলাহী কিনি খাই তেন্তে সেয়া বিলাহী নহয় আপুনি কৰ্কট আৰু যকৃতৰ দৰে ৰোগৰ বীজাণু খাইছে৷
আপোনাক ব্যৱসায়ী আৰু একাংশ কৃষকে মিলি আপোনাৰ বাধ্য কৰাইছে কাৰ্বাইড যুক্ত বিলাহী খাবলৈ৷ হয়, কাৰ্বাইডেৰে কেচা বিলাহী মুহূৰ্ততে পকাই ব্যৱসাসী আৰু কৃষকে৷ কাৰ্বাইড ছটিয়াই দিলে কেচা বিলাহী ৰঙা ৰংৰ হৈ পৰে৷ দেখাত আকৰ্ষণীয় হয়৷ খাবলৈ সোৱাদ যুক্ত হয়৷ ৰাজ্যৰ বজাৰত এতিয়া কাৰ্বাইড যুক্ত বিলাহী ভৰি পৰিছে৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে শোণিতপুৰ জিলাত ব্যাপক হাৰত চলিছে এনে কাৰ্য৷ শোণিতপুৰৰ বালিপৰাৰ ঘাইপথৰ দাতিত মুকলিকৈ চলে এই কাৰ্য৷