ৰঙিয়াঃ ৰেল যাত্ৰাত জীৱন আৰু সম্পত্তিৰ সুৰক্ষিত নহয় বুলি অভিযোগ উত্থাপিত হৈ অহাৰ সময়তে ৰঙিয়াত পুনৰ সংঘটিত হ’ল ৰেল যাত্ৰীক লুটি নিয়াৰ ঘটনা৷ যোৱা ০৭ নৱেম্বৰত চলন্ত ৰেলত ভিতৰত দুৰ্বৃত্তই অনিল কুমাৰ নামৰ সেনাৰ জোৱানক নিচাযুক্ত দ্ৰব্য খুওৱাই টকা লুটি নিয়াৰ ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওঁতেই পুনৰ মঙলবাৰে সংঘটিত হ’ল যাত্ৰীক লুটি নিয়াৰ আন এটি ঘটনা৷
জানিব পৰা মতে, উজনিমুৱা মানস ৰাইনো এক্সপ্ৰেছৰ যাত্ৰীক লুটি নিয়ে এটি দুৰ্বৃত্তৰ দলে৷ মঙলবাৰে পুৱাৰ ভাগত নিচাযুক্ত দ্ৰব্য খুওৱাই দুৰ্বৃত্তই লূটিলে দীপক বৰ্মন নামৰ যাত্ৰীজনক। দীপক বৰ্মন নামৰ যুৱকজনে বঙাইগাঁৱৰ পৰা বৰপেটালৈ আহি আছিল মানস ৰাইনো এক্সপ্ৰেছ যোগে৷ কোনো লোকে যুৱকজনক নিচাযুক্ত দ্ৰব্য খুওৱাই চলন্ত ট্ৰেইনৰ ভিতৰৰ পৰাই সকলো লুটি লৈ যায়৷