লালুকঃ লখিমপুৰৰ পৰা অপহৃত এগৰাকী ১৬ বছৰীয়া নাবালিকা। লালুকৰ বলাই দাসৰ কন্যা ৰিংকু দাসক কোনো অচিনাক্ত লোকে অপহৰণ কৰি আৱদ্ধ কৰি ৰাখিছে বুলি পৰিয়ালৰ লোকক ফোনযোগে জনাইছে নাবালিকা গৰাকীয়ে।
ঘৰৰপৰা হাৰমতী অভিমুখে ফুৰিবলৈ যোৱা পথত যুৱতীগৰাকীক অপহৰণ কৰে কোনো দুৰ্বৃত্তই। ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে লালুক থানাত অৱগত কৰিছে যদিও এই পৰ্যন্তলৈ কোনো শুংসূত্ৰ লাভ কৰা নাবালিকা গৰাকীৰ। কোনো লোকে ৰিংকু দাসৰ সন্ধান লাভ কৰিলে ৭০৮৬৯৮৯৪৯৩ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে পৰিয়ালটোৱে।