কোকৰাঝাৰঃ কোকৰাঝাৰৰ তিতাগুৰিৰ এখন ব্যৱসায়িক প্ৰতিষ্ঠানত সংঘটিত হোৱা লাফিকুল ইছলাম আহমেদৰ হত্যাকাণ্ডই আজি ষষ্ঠ দিনত ভৰি দিয়াৰ পিছতো আৰক্ষীয়ে হত্যাকাণ্ডটোৰ কোনো ক্লু বিচাৰি পোৱা নাই ৷ হত্যা কাণ্ডটোৰ তদন্ত কৰিবলৈ এছআই টিয়ে পুংখানুপুংখ ভাৱে তদন্ত চলাই থকাৰ সময়তে কোকৰাঝাৰস্থিত ছালাকাটিৰ বাসগৃহত বিভিন্ন দল,সংগঠন আৰু ৰাজনীতিক নেতাৰ সোঁত আজিও অব্যাহত আছে।
ইয়াৰ মাজতে আজি ছালাকাটিত থকা প্ৰয়াত ছাত্ৰ নেতা লাফিকুলৰ বাসগৃহত কংগ্ৰেছৰ সঁজাতি দল এটা উপস্থিত হয়। অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ নেতৃত্বত অহা দলটোৱে শোকসন্তপ্ত পৰিয়াল বৰ্গক গভীৰ সমবেদনা জ্ঞাপন কৰি ঘটনাটোৰ এক উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী উত্থাপন কৰিছে ৷