ডিজিটেল ডেস্কঃ ৰণবীৰ কাপুৰ আৰু কেটৰিণা অভিনীত জগ্গা জাচুচৰ বিফলতাৰ বাবে ক্ষুন্ন হৈ পৰিছে ঋষি কাপুৰ৷ এই বিফলতাৰ বাবে ছবিখনৰ নিৰ্দেশক অনুৰাগ বাসুক দোষাৰোপ কৰিলে অভিনেতাগৰাকীয়ে৷

’মিড ডে’ৰ সৈতে হোৱা সাক্ষাতকাৰত বাসুক দায়িত্বজ্ঞানহীন বুলি আখ্যা দিলে ঋষি কাপুৰে৷ তেঁও কয় যে বিগত দুটাবছৰে চলচিত্ৰখনৰ কাম পিছুৱায় আছিল নিৰ্দেশকগৰাকীয়ে৷

তদুপৰি চলচিত্ৰ নিৰ্মানৰ সময়তো কাৰো পৰামৰ্শ অনুৰাগে লোৱা নাছিল বুলি অভিযোগ উত্থাপন কৰিছে ঋষি কাপুৰে৷ উক্ত চলচিত্ৰখনৰ প্ৰডিউচাৰ হিচাবে আছে ৰণবীৰ৷

এই চলচিত্ৰখনে ৰণবীৰ আৰু ঋষি কাপুৰৰ নাম ডুবোৱা  বুলিও কয় পিতৃয়ে৷ উল্লেখ্যযে অনুৰাগ বাসুৰ নিৰ্দেশনাৰে নিৰ্মিত বৰফীয়ে অস্কাৰৰ বিদেশী ভাষাত নিৰ্মিত চলচিত্ৰ  শিতানত নমিনেছন লাভ কৰিছিল৷