নাৰায়ণপুৰঃ লক্ষীমপুৰ জিলাৰ নাৰায়ণপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত দক্ষিণ ধলপুৰৰ জামুগুৰি ঘাটত চলি থকা গড়াখহনীয়াই সম্প্ৰতি সংহাৰী ৰূপ ধাৰণ কৰিছে। ১৯৭৬ চনৰ পৰা ক্ৰমাৎ খহনীয়াৰ প্ৰকোপ বৃদ্ধি পোৱাৰ লগতে বিগত ৫ বছৰত অঞ্চলটোৰ কেইবাখনো গাঁও ব্ৰহ্মপুত্ৰৰ বুকুত জাহ যায়।
বিগত চৰকাৰৰ শাসন কালত প্ৰাক্তন বিধায়ক ভূপেন কুমাৰ বৰা আৰু তেওঁৰ কোম্পানীৰ ধন ঘটাৰ এক সহজ যন্ত্ৰলৈ পৰিণত হোৱা জামুগুৰি ঘাটৰ খহনীয়া প্ৰতিৰোধ আঁচনিখন বৰ্তমান সোনোৱাল নেতৃত্বাধীন পৰিৱৰ্তনকামী চৰকাৰৰ একাংশ তৃণমুল কৰ্মীৰ বাবেও আলাউদ্দিনৰ চাকিলৈ পৰিণত হৈছে।