শদিয়াঃ শদিয়া চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অসমৰ জলন্ত সমস্যা নদীবান্ধ লগতে আৰ্থ সামাজিক, ৰাজনৈতিক সমস্যাৰ ওপৰত এখন আলোচনা চক্ৰ আয়োজন কৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি শদিয়া আঞ্চলিক সমিতিয়ে৷ আলোচনা চক্ৰখনত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সমিতিৰ যুটীয়া সহকাৰী সাধাৰণ সম্পাদক দ্বিপৰঞ্জন দুৱৰা, তিনিচুকীয়া জিলাৰ সভাপতি লক্ষ্যজ্যোতি গগৈ আৰু প্ৰচাৰ সম্পাদক ভাস্কৰজ্যোতি হাজৰিকা উপস্থিত থাকে।
আলোচনা চক্ৰত নিৰ্দিষ্ট বক্তাৰূপে উপস্থিত থকা দ্বিপৰঞ্জন দুৱৰাই অসম চৰকাৰৰ জনগণ বিৰোধী নীতি আৰু শিক্ষাৰ বাণিজ্যিকীকৰণৰ জৰিয়তে চৰকাৰী শিক্ষাব্যৱস্থা ধ্বংসৰ চৰকাৰী ষড়যন্ত্ৰৰ সম্পৰ্কে আলোচনা আগবঢ়ায়। বৃহৎ নদীবান্ধৰ জৰিয়তে অসমখনক শেষ কৰি পানীৰ অধিকাৰ কেন্দ্ৰই কাঢ়ি লৈ যোৱা চক্ৰান্ত কৰিছে। অৰুণাচলত প্ৰস্তাৱিত চিয়াং নদীৰ ১০,০০০ মেগাৱাৰ্ট বিদ্যুৎ উৎপাদন কৰাৰ লগতে প্ৰস্তাৱিত ৫৮ টা বৃহৎ নদীবান্ধ নিৰ্মাণ কৰিলে শদিয়াবাসী আটাইতকৈ বেছি সমস্যাৰ সন্মুখীন হ’ব। গতিকে এনে নদীবান্ধ যাতে কোনো কাৰণতেই হ’বলৈ দিয়া নহয় তাৰ প্ৰতি ছাত্ৰ সমাজে সংকল্পবদ্ধ হ’বই লাগিব বুলি মন্তব্য কৰে ছাত্ৰ নেতাজনে৷