72
গৰৈমাৰীঃ দক্ষিণ কামৰূপৰ ছয়গাঁও আৰক্ষী থানাৰ অন্তৰ্গত কৈমাৰীত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত আজি ৰাতিপুৱা প্ৰায় ৭ বাজি ২৬ মিনিটত এক পথ দুৰ্ঘটনা সংঘটিত হয়।
জানিব পৰামতে, জামবাৰী অভিমুখে গৈ থকা AS-০১ AM-২৮০০ নম্বৰৰ ইণ্ডিগ’ চিএচ গাড়ীখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ গছত খুন্দা মাৰে। ফলত গাড়ীখনৰ চালক জন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।