58
লখিমপুৰঃ লখিমপুৰৰ এক ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত হয় ২ জন ব্যক্তি আৰু আহত হয় ১৩ জন। গুৱাহাটীৰ পৰা চিলাপথাৰ অভিমুখে আহি থকা অৱস্থাত লখিমপুৰ চাউলধোৱাত AS-01-GC-5288 নম্বৰৰ নৈশ বাছখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ ওপৰতে বাগৰি পৰে।
আহত লোক কেইজনক ততাতৈয়াকে উত্তৰ লখিমপুৰৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। নিহত লোক দুজনৰ এজনৰ নাম অৰবিন্দ হালৈ আৰু আন এজনৰ পৰিচয় এতিয়ালৈকে জানিব পৰা হোৱা নাই।