গোলকগঞ্জঃ অসম-বংগ সীমান্ত তথা ধুবুৰী গোসাঁইগাও সংযোগী একমাত্ৰ গড়কাপ্তানি পথ ধুবুৰী কচুগাও গড়কাপ্তানি পথ। এই পথটো তামাৰহাটৰ হাতীধূৰাৰ পৰা বালাজানলৈ ২৭ কিলোমিটাৰ পথ দীৰ্ঘ কুৰি বছৰে জৰাজীৰ্ণ হৈ আছে। 

তাৰোপৰি তামাৰহাটৰ কাষেদি বৈ যোৱা খৰশ্ৰোতা গংগাধৰ নৈয়ে বিগত বছৰত কুমাৰগঞ্জ অঞ্চলত ডেৰশ মিটাৰ পথ ছিঙি লৈ যায়। ফলত যাতায়ত সম্পূৰ্ণ ব্যহত হৈ পৰে। 

উক্ত পথছোৱা ৰাইজৰ দাবীত এমজিএনৰেগা আচনিৰ ৪৪ লাখ টকাৰে কোনোমতে মেৰামতি কৰে যদিও যান বাহন চলাচল বন্ধ হৈয়ে থাকে। ইফালে যাতায়ত সুবিধাৰ সাৰ্থত তামাৰহাটৰ পৰা খৰখৰী, কুৰ্শাকাটী, জলডোবা হৈ ধুবুৰী যাতায়ত চলি আছে যদিও যোৱাকালি গোসাইগাও গড়কাপ্তানি বিভাগৰ পৰা সেইখন পথৰেও যাতায়ত বন্ধ ৰখাৰ নিৰ্দেশ দিয়ে। 

ফলত বাছ মালিক পক্ষই উপায়হীন হৈ বাছ চলাচল অনিদিষ্ট বন্ধ ৰাখে। এতিয়া দুয়োটা পথৰে বাছ সেবা বন্ধ হোৱাত যাতায়তৰ ক্ষেত্ৰত ৰাইজৰ আৰু জীবিকাৰ ক্ষেত্ৰত মালিক পক্ষ বিপদৰ সন্মুখীন হোৱাত ক্ষুব্ধ হৈ চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষৰ বিৰুদ্ধে বিভিন্ন প্ৰতিবাদী শ্লোগান দি তামাৰহাট উত্তাল কৰি তোলে।