57
গোলকগঞ্জঃ অসম-বংগ সীমান্ত তথা ধুবুৰী গোসাঁইগাও সংযোগী একমাত্ৰ গড়কাপ্তানি পথ ধুবুৰী কচুগাও গড়কাপ্তানি পথ। এই পথটো তামাৰহাটৰ হাতীধূৰাৰ পৰা বালাজানলৈ ২৭ কিলোমিটাৰ পথ দীৰ্ঘ কুৰি বছৰে জৰাজীৰ্ণ হৈ আছে।
তাৰোপৰি তামাৰহাটৰ কাষেদি বৈ যোৱা খৰশ্ৰোতা গংগাধৰ নৈয়ে বিগত বছৰত কুমাৰগঞ্জ অঞ্চলত ডেৰশ মিটাৰ পথ ছিঙি লৈ যায়। ফলত যাতায়ত সম্পূৰ্ণ ব্যহত হৈ পৰে।