নাৰায়ণপুৰঃ গড়কাপ্তানি বিভাগৰ লালুক উপ-সংমণ্ডলৰ অন্তৰ্গত ১৫ নং ৰাষ্ট্ৰীয় ঘাই পথৰ পৰা ধলপুৰ-জামুগুৰি সংযোগী পথত সম্প্ৰতি অসংখ্য গাঁতৰ সৃষ্টি হৈছে । যাৰ ফলত পথচাৰীসকল বিভিন্ন সমস্যাৰ সন্মুখীন হ’ব লগা হৈছে।
পথটোৰ নিৰ্মাণৰ কাম অতি নিম্নমানৰ হোৱাৰ বাবে অতি সোনকালেই বিধ্বস্ত হোৱাৰ অভিযোগ উঠিছে । তাৰোপৰি বিপজ্জনক কথাটো হ’ল যে পথটোৰ জামুগুৰি সমীপৱতী বগাপৰা জানৰ ওপৰত থকা পকী দলংখনৰ ধলপুৰৰ পৰা যোৱা সন্মুখভাগত পকী অংশ ভাগি ৰডৰ জালি পৰ্যন্ত ওলাই পৰিছে।