Home অন্যান্য খবৰগোৰেশ্বৰত শিখৰ এডভেঞ্চাৰ ক্লাবৰ শৈলাৰোহণ অনুষ্ঠান

গোৰেশ্বৰত শিখৰ এডভেঞ্চাৰ ক্লাবৰ শৈলাৰোহণ অনুষ্ঠান

by News Desk
66 views
A+A-
Reset

গোৰেশ্বৰঃ অসমৰ দুঃসাহসিক ক্ৰীড়া ক্ষেত্রখনৰ এটা অতি পৰিচিত ক্লাব বাগসা জিলাৰ গোৰেশ্বৰৰ শিখৰ এডভেঞ্চাৰ ক্লাব। আজি শিখৰ এডভেঞ্চাৰ ক্লাব গোৰেশ্বৰৰ অষ্টম বাৰ্ষিক শৈলাৰোহণ প্ৰশিক্ষণ অনুষ্ঠানৰ অন্তিম দিন উপলক্ষে আজি ১২ মাৰ্চত গোৰেশ্বৰ মহাবিদ্যালয়ত প্ৰাংগনত আয়োজিত কৰা হৈছে এক প্ৰশিক্ষণ শিবিৰ য’ত প্ৰশিক্ষাৰ্থী সকলক শৈলাৰোহণৰ বিভিন্ন কাৰিকৰী তথা তথ্যগত প্ৰশিক্ষণ প্ৰদান কৰা হয়।

পুৱা গোৰেশ্বৰ চিআৰপিএফ কেম্পত শাৰিৰীক প্ৰশিক্ষণ কৰাৰ পিছত গোৰেশ্বৰ মহাবিদ্যালয়ৰ বাকৰিত শৈলাৰোহণৰ বাবে পৰ্বতলৈ যোৱাৰ সময়ত প্ৰয়োজন হোৱা বিভিন্ন কৌশলৰ তথ্যগত বিশ্লেষণ আগবঢ়াই প্ৰশিক্ষক উৎপল দৈমাৰী আৰু পূৰ্ণ ডেকাই। মুঠ চল্লিশ গৰাকী প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰা শিবিৰটোত মাংকি ক্ৰোলিং, জুমাৰিং আদিৰ প্ৰশিক্ষণ প্ৰদান কৰা হয়। প্ৰশিক্ষণৰ অন্তত প্ৰমাণ পত্ৰ বিতৰণ কৰা হয়। প্ৰশিক্ষাৰ্থীসকলে যথেষ্ট উৎসাহৰে শিবিৰত ভাগ লৈ ভবিষ্যতে দুঃসাহসিক ক্ৰীড়াৰ ক্ষেত্ৰত আগুৱাই যোৱাৰ বাবে সংকল্পবদ্ধ হয়।  

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0