টি-২০ বিশ্বকাপৰ ফাইনেল! ইতিমধ্যে অপ্ৰতিৰোধ্য হৈ ফাইনেলত প্ৰৱেশ কৰা ভাৰতৰ সন্মুখত আছিল দক্ষিণ আফ্ৰিকাৰ দুৰ্দান্ত টীম। বাৰ্বাডোছত অনুষ্ঠিত এই অন্তিমখন খেলত টছত জিকি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয় ভাৰতীয় কাপ্তান ৰোহিত শৰ্মাই। কিন্তু প্ৰথম পাঁচ অভাৰতে মাত্ৰ ৩৪ ৰানত তিনিটাকৈ উইকেট হেৰুৱাই প্ৰত্যাহ্বানৰ সন্মুখীন হয় ভাৰতীয় দলটো। সেই সময়তে বিৰাট কোহলী আৰু অক্ষৰ পেটেলে দায়িত্ব মূৰ পাতি লৈ দলটোক ১৭৪ ৰানৰ লক্ষ্যলৈ আগুৱাই লৈ যায়। 

এই লক্ষ্য অনুসৰণ কৰি ক্ৰীজত নমা দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে দুৰ্দান্ত বলিং শৈলী প্ৰদৰ্শন কৰে ভাৰতে। পৰিণামস্বৰূপে অৱশেষত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ৭ ৰানত বিজয় সাব্যস্ত কৰি টি-২০ বিশ্বকাপ জয়ৰ খিতাপ অৰ্জন কৰে ভাৰতীয় দলটোৱে। ভাৰতৰ বাবে এয়া আছিল পুৰুষ দলৰ দ্বিতীয় টি-২০ বিশ্বকাপ জয়। ইয়াৰ পূৰ্বে ২০০৭ চনত তেতিয়াৰ অধিনায়ক মহেন্দ্ৰ সিং ধোনীৰ নেতৃত্বত টি-২০ বিশ্বকাপ জয়ৰ সোৱাদ পাইছিল ভাৰতে। ইয়াৰ ঠিক ১৭ বছৰ পিছত এইবাৰ ৰোহিত শৰ্মাৰ নেতৃ্ত্বত এই কৃতিত্ব অৰ্জন কৰে ভাৰতীয় দলটোৱে।

শনিবাৰে অনুষ্ঠিত হোৱা টি-২০ বিশ্বকাপৰ এই ৰোমাঞ্চকৰ অন্তিমখন খেলত ভাৰতৰ হাতত বিশ্বকাপৰ ট্ৰফী তুলি দিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল দলটোৰ প্ৰতিগৰাকী ক্ৰিকেটাৰ আৰু আঁৰৰ লোকসকলে। ক্ৰীড়াংগনত বিৰাট কোহলীৰ ৭৬ ৰানৰ দুৰ্দান্ত ইনিংছ, অক্ষৰ পেটেলৰ ৪৭ ৰান, শিৱম ডুবেৰ ২৭ ৰানৰ যোগদানে প্ৰথম ইনিংছত ১৭৪ ৰানৰ লক্ষ্যত উপনীত কৰাইছিল ভাৰতক। ইয়াৰ পিছতে হাৰ্ডিক পাণ্ডিয়া, যশপ্ৰীত বুমৰাহৰ বিধ্বংসী বলিঙে থৰকাছুটি হেৰুৱায় দক্ষিণ আফ্ৰিকা বাহিনীৰ। একে সময়তে বাউণ্ডাৰী লাইনত সূৰ্যকুমাৰ যাদৱৰ সেই অভিনৱ কেচ আৰু ষ্টাম্পৰ পিছফালে সক্ৰিয় হৈ থকা উইকেটকীপাৰ ঋষভ পণ্টৰ প্ৰদৰ্শনে পৰাজয়ৰ বাধা ফালি ভাৰতীয় দলটোক অনন্য জয়ৰ সোৱাদ দিয়ে।

টি-২০ বিশ্বকাপৰ চূড়ান্ত খেলখনত বেটিঙৰ জৰিয়তে অধিনায়ক ৰোহিত শৰ্মাই বিশেষ প্ৰদৰ্শন কৰিবলৈ সক্ষম নহ’ল সঁচা, কিন্তু  সমগ্ৰ বিশ্বকাপত তেওঁৰ প্ৰদৰ্শন আৰু নেতৃত্বই দৃষ্টি আকৰ্ষণ কৰিছে ক্ৰিকেট সমালোচক, ক্ৰীড়াপ্ৰেমী আৰু ক্ৰিকেটৰ সৈতে জড়িত সকলক। উল্লেখ্য যে, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতে এখনো খেলত পৰাজিত নোহোৱাকৈ বিশ্বকাপ জয়ৰ খিতাপ দখল কৰিছে। ক্ৰিকেট সমালোচকসকলে ভাৰতৰ এনে অপ্ৰতিৰোধ্য প্ৰদৰ্শনৰ কৃতিত্ব বিশেষকৈ অধিনায়ক ৰোহিত শৰ্মাক দিছে। 

সহজ নাছিল ৰোহিতৰ যাত্ৰা...

ভাৰতীয় পুৰুষ দলৰ বাবে দ্বিতীয়খন টি-২০ বিশ্বকাপ জয়ৰ আনন্দ উপহাৰ দি ইতিহাসৰ পাতত নিজৰ নাম খোদিত কৰিবলৈ সক্ষম হোৱা অধিনায়ক ৰোহিত শৰ্মাক আজি সকলোকে ভাৰতীয় দলৰ এগৰাকী সফল অধিনায়ক বুলি গণ্য কৰে। কিন্তু তেওঁৰ বাবে এই ক্ৰিকেট যাত্ৰা সহজ নাছিল।   

এটা সময়ো আহিছিল, যিটো সময়ত ৰোহিত শৰ্মাৰ ক্ৰিকেটৰ ভৱিষ্যতক লৈ সৃষ্টি হৈছিল সন্দেহৰ। আৰ্থিক অনাটনৰ বাবে প্ৰায় স্তব্ধ হোৱাৰ উপক্ৰম ঘটিছিল তেওঁৰ ক্ৰিকেট কেৰিয়াৰ। সমান্তৰালভাৱে ভাৰতীয় ক্ৰিকেট দলৰ হৈ খেলাৰ সুযোগ লাভ কৰাৰ পিছতো তেওঁৰ শাৰীৰিক ফিটনেছক লৈ অলেখ বাৰ প্ৰশ্নৰ উত্থাপন হৈ আহিছে। 

১৯৯৯ চনৰ কথা, যেতিয়া ভাৰতীয় ক্ৰিকেট দলটোৱে মহম্মদ আজহাৰুদ্দিনৰ অধিনায়কত্বত ইংলেণ্ডত বিশ্বকাপ খেলি আছিল। সেই সময়তে মুম্বাইৰ উপকণ্ঠ অঞ্চল বৰিভালিত পিতৃ আৰু পৰিয়ালটোৱে আনৰ পৰা ধন সংগ্ৰহ কৰি ক্ৰিকেট শিৱিৰলৈ প্ৰেৰণৰ যো-জা চলাইছিল ১২ বছৰীয়া ৰোহিত শৰ্মাক।

ৰোহিত শৰ্মাৰ পিতৃয়ে তেতিয়া ট্ৰেন্সপ’ৰ্ট ফাৰ্মৰ গুদামত কাম কৰিছিল। পিতৃয়ে পোৱা দৰমহাৰ টকাকেইটা পৰিয়ালটোৰ ভৰণ-পোষণৰ বাবে পৰ্যাপ্ত নাছিল। সেই সময়ত ৰোহিত শৰ্মাই তেওঁৰ ককা আৰু খুৰাকৰ সৈতে তেওঁলোকৰ ঘৰত থাকিছিল। তেওঁলোকো আৰ্থিকভাৱে স্বচ্ছল নাছিল। কিন্তু এখন মেচ আৰু এখন স্কুলে এদিন সলনি কৰি পেলায় ৰোহিতৰ ক্ৰিকেট কেৰিয়াৰৰ দিশ।

২৭৫ টকাক লৈ চিন্তা...

সেই বছৰতে ৰোহিত শৰ্মাই বৰিভালিৰ স্বামী বিবেকানন্দ ইণ্টাৰনেশ্যনেল স্কুলৰ বিৰুদ্ধে এখন মেচ খেলি থকা অৱস্থাত সেই স্কুলৰ প্ৰশিক্ষক দীনেশ লাডে তেওঁৰ খেলখন চাই স্কুলৰ মালিক যোগেশ পেটেলক তেওঁক বৃত্তি প্ৰদান কৰিবলৈ পৰামৰ্শ দিছিল। 

বৰ্তমান ৫৪ বছৰীয়া যোগেশ পেটেলে কয়, "আমাৰ প্ৰশিক্ষকে কৈছিল যে এই ল'ৰাজনৰ ক্ৰিকেটত অতি প্ৰতিভা আছে, কিন্তু পৰিয়ালৰ আৰ্থিক অনাটনৰ বাবে আমাৰ বিদ্যালয়ৰ মাহিলি মাচুল ২৭৫ টকা দিবলৈ অক্ষম। গতিকে তেওঁক বৃত্তি প্ৰদান কৰিবলৈ প্ৰশিক্ষকগৰাকীয়ে মোক পৰামৰ্শ দিয়ে।’’

তেওঁ লগতে কয়, "আমি তেতিয়া সিদ্ধান্ত লৈ ৰোহিতক বৃত্তি প্ৰদানৰ ব্যৱস্থা কৰিছিলো। আমি লোৱা সেই সিদ্ধান্তৰ বাবে মই অত্যন্ত সুখী, আজি তেওঁ ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক। আমাৰ প্ৰশিক্ষকৰ মতামত সঠিক আছিল।"

আৰ্থিক নাটনি আৰু ৰোহিতৰ সংগ্ৰাম

এগৰাকী প্ৰশিক্ষকে চিনি উলিওৱা ক্ৰিকেট প্ৰতিভা এখন বিদ্যালয়ে প্ৰদান কৰা বৃত্তিয়েই সলনি কৰি দিছিল ৰোহিত শৰ্মাৰ ক্ৰিকেট কেৰিয়াৰ। এই সন্দৰ্ভত এবাৰ এক সাক্ষাৎকাৰত তেওঁ নিজেই কৈছিল, "প্ৰশিক্ষকে বিচাৰিছিল মই বিবেকানন্দ স্কুলত যোগদান কৰি ক্ৰিকেট খেলিবলৈ আৰম্ভ কৰোঁ, কিন্তু মোৰ হাতত টকা নাছিল। তাৰ পিছত তেওঁ মোক বৃত্তি প্ৰদান কৰে আৰু মই এটা সুযোগ লাভ কৰিলোঁ। মই চাৰি বছৰ ধৰি বিনামূলীয়াকৈ অধ্যয়ন আৰু খেলাৰ সুযোগ পালোঁ।"

এই নতুন বিদ্যালয়খনত যোগদান কৰাৰ কেইমাহমানৰ ভিতৰতে ৰোহিত শৰ্মাই ১৪০ ৰানৰ অপৰাজিত ইনিংছ খেলি ক্ৰিকেট সমালোচকৰ দৃষ্টি আকৰ্ষণ কৰে। মাষ্টাৰ ব্লাষ্টাৰ শচীন তেণ্ডুলকাৰৰ পৰা বিনোদ কাম্বলী আৰু প্ৰবীণ আমৰেলৈকে য’ত ক্ৰিকেট খেলি ডাঙৰ হৈছিল, মুম্বাইৰ সেই শিৱাজী পাৰ্কতে আৰম্ভ হৈছিল ৰোহিত শৰ্মাৰো প্ৰকৃত ক্ৰিকেট কেৰিয়াৰ।

ৰোহিত শৰ্মাই শিৱাজী পাৰ্কত ক্ৰিকেট খেলিবলৈ আৰম্ভ কৰাৰ সময়ত তাত ক্ৰিকেট প্ৰশিক্ষণ প্ৰদান কৰা অশোক শিৱালকাৰে কয়, "মোৰ মনত আছে ৰোহিত শৰ্মাই আগতে নিজৰ স্কুলৰ বাবে অফ স্পিন বলিং কৰিছিল। তাৰ পিছত তেওঁৰ প্ৰশিক্ষকে তেওঁৰ বেটিং প্ৰতিভা উন্মুক্ত কৰে।"

ইয়াৰ পিছতে ৰোহিতে মুম্বাইৰ বিখ্যাত কংগা লীগ ক্ৰিকেট আৰু মুম্বাই ক্ৰিকেট এছ’চিয়েশ্যনৰ প্ৰতিযোগিতাত নিজৰ ধ্বজা উৰুৱাই নিৰ্বাচক আৰু সমালোচকৰ মাজত চৰ্চিত হৈ পৰে।

আজি বিবেকানন্দ স্কুলৰ স্বত্বাধিকাৰী যোগেশ পেটেলে তেওঁৰ সিদ্ধান্তত সুখী হৈ কয়, "কোভিড-১৯ৰ সময়ত ৰোহিতে মোক ফোন কৰি মোৰ খা-খবৰ লৈছিল। মই তেওঁক কৈছিলো যে কেৱল মানুহক সহায় কৰি যোৱা। আজি তেওঁ যি পৰ্যায়ত উপনীত হৈছে, তাত তেওঁক দেখি মোৰ বৰ আনন্দ লাগে।

ৰোহিত শৰ্মাৰ প্ৰদৰ্শন

ক্ৰীড়া প্ৰেমীসকলে কয়, যেতিয়া ক্ৰিজত ৰোহিত শৰ্মাই বেটিং কৰে, সেই সময়ত তেওঁৰ বেটে গৰজে। দুৰ্দান্ত প্ৰদৰ্শনেৰে বিপক্ষৰ দলক ধৰাশায়ী কৰিব পৰা ৰোহিত শৰ্মাক সেয়ে হিটমেন বুলিও অভিহিত কৰা হয়। কিন্তু এতিয়া তেওঁৰ বেটিং প্ৰদৰ্শনৰ সমান্তৰালভাৱে তেওঁৰ নেতৃত্বৰো প্ৰশংসা চলিছে সৰ্বত্ৰে। 

ভাৰতীয় ক্ৰিকেট ইতিহাসৰ এগৰাকী অন্যতম সফল অধিনয়াক হিচাপে পৰিগণিত হোৱা ৰোহিত শৰ্মাই তেওঁৰ নেতৃত্বৰে এক অনন্য খ্যাতি প্ৰদান কৰিলে এইবাৰৰ টি-২০ বিশ্বকাপত ভাৰতীয় দলটোক। বিশ্বকাপৰ আৰম্ভণিৰ পৰা অন্তিমখন মেচলৈকে এখনো খেলত পৰাজয় স্বীকাৰ নকৰাকৈ এক নতুন ইতিহাসৰ সূচনা কৰে ৰোহিত শৰ্মা বাহিনীয়ে।

২০১৭ চনত ভাৰতীয় টি-২০ ক্ৰিকেট দলৰ নেতৃত্ব অৰ্পণ কৰা হৈছিল ৰোহিত শৰ্মাৰ হাতত। অধিনায়ক হিচাপে ৬১ খন আন্তঃৰাষ্ট্ৰীয় টি-২০ ক্ৰিকেট মেচ খেলি ৪৮ খনতে ভাৰতীয় দলক জয়ৰ সোৱাদ দিছে ৰোহিত শৰ্মাই। ইয়েই প্ৰমাণ কৰে তেওঁৰ নেতৃত্বৰ পাৰদৰ্শিতা। 

আনহাতে বেটছমেন হিচাপে টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট সৰ্বাধিক ৰানৰ অনন্য অভিলেখৰ গৰাকী ৰোহিত। ১৫৯ খন টি-২০ মেচত ৪২৩১ ৰান সংগ্ৰহ কৰিছে ৰোহিত শৰ্মাই। ২০ অভাৰৰ খেলত তেওঁ পাঁচটা শতক অৰ্জন কৰিছে, এয়াও এক অভিলেখ। 

বহু সময়ত ৰোহিত শৰ্মাৰ শাৰীৰিক ফিটনেছক লৈ প্ৰশ্ন কৰি আহিছে ক্ৰিকেট সমালোচকে। কিন্তু ৩৭ বছৰ বয়সতো খেলপথাৰত তেওঁ যি প্ৰদৰ্শন এইবাৰৰ টি-২০ বিশ্বকাপত কৰি দেখুৱাইছে, সিয়ে প্ৰমাণ কৰি দিয়ে ৰোহিত শৰ্মাৰ ক্ৰিকেট দক্ষতা। টি-২০ বিশ্বকাপত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ৯২ ৰানৰ দৰ্শনীয় ইনিংছ আৰু ইংলেণ্ডৰ বিৰুদ্ধে ৫৭ ৰানৰ ইনিংছ খেলে ৰোহিত শৰ্মাই। 

কিন্তু, গুৰুত্বপূৰ্ণ কথাটো হ’ল যে ৰোহিত শৰ্মাই ভাৰতীয় ক্ৰিকেটক খেলৰ এই চুটি ফৰ্মেটৰ দিশত চোৱাৰ ধৰণ সলনি কৰিবলৈ সক্ষম হৈছে। হয় খেল, নহয় পেভিলিয়ন! এই আগ্ৰাসী মানসিকতাই পিছলৈ অহা আৰু অন্যান্য জ্যেষ্ঠ খেলুৱৈসকলক মুকলিকৈ খেলি নিজৰ লক্ষ্যৰ দিশে আগবাঢ়িবলৈ সহায় কৰিব।

টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা

দ্বিতীয়বাৰৰ বাবে সমগ্ৰ ভাৰতবাসীক টি-২০ বিশ্বকাপ জয়ৰে গৌৰৱাম্বিত কৰাৰ পিছতে টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰিছে অধিনায়ক ৰোহিত শৰ্মাই। খেলখনৰ অন্তত সংবাদমেলত ৰোহিত শৰ্মাই কয় যে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে খেলা টি-২০ বিশ্বকাপৰ অন্তিমখন খেল তেওঁৰ টি-২০ আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰৰো অন্তিমখন মেচ আছিল।

ৰোহিত শৰ্মাই কয়, "এইখন মোৰো শেষ মেচ আছিল। মই প্ৰতিটো মুহূৰ্ত ভাল পাইছিলোঁ। এই ক্ষণ মোৰ বাবে পৰম আকাংক্ষিত ক্ষণ। জীৱনত মই এনে এক জয়ৰ বাবে উত্ৰাৱল হৈ আছিলো। আজি মই সুখী। কাৰণ আজি মই যি বিচাৰি আছিলো সেয়া কৰি দেখুৱাবলৈ সমৰ্থ হৈছো।" 

টি-২০ ফৰ্মেটৰ পৰা অৱসৰ আৰু ভাৰতীয় দলৰ জয়ৰ সন্দৰ্ভত সংবাদ সংস্থা পিটিআইৰ সৈতে হোৱা কথা-বতৰাত তেওঁ কয়, ‘কোনোবাই মোক মাত্ৰ কৈছিল যে ২০০৭ চনত যেতিয়া মই ভাৰতৰ হৈ খেলিবলৈ আৰম্ভ কৰিছিলো তেতিয়া দেশখনে বিশ্বকাপ জয় কৰিছিল। এতিয়া মই বিশ্বকাপ জয় কৰি টি-২০ ইণ্টাৰনেশ্যনেল ফৰ্মেট এৰিছো।’’

ৰোহিত শৰ্মাই লগতে কয়, ''২০০৭ চনত যেতিয়া মই প্ৰথমবাৰৰ বাবে ভাৰতৰ হৈ খেলিছিলো, তেতিয়া মই আয়াৰলেণ্ডলৈ গৈছিলো। তাত আমি ৫০ অভাৰৰ মেচ খেলিলোঁ। ইয়াৰ কিছু সময় পিছতে আমি দক্ষিণ আফ্ৰিকালৈ গৈ টি-২০ বিশ্বকাপ খেলিলোঁ। আমি সেইবাৰো জয়ী হৈছিলো আৰু এইবাৰো আমি জয়ী হৈছো। এইদৰে সময়ৰ এটা চক্ৰ সম্পূৰ্ণ হৈছে।’’ বিশ্বকাপ জয়েৰে টি-২০ ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰিলেও অৱশ্যে ভাৰতৰ হৈ টেষ্ট আৰু এদিনীয়া শৃখংলা খেলি থাকিব বুলিও মন্তব্য কৰে ৰোহিত শৰ্মাই।