কোকৰাঝাৰ/ধুবুৰীঃ পুনৰ বিমানৰ গৰ্জনেৰে প্ৰাণ পাই উঠাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে ৰূপচী বিমানবন্দৰ। দ্বিতীয় মহাযুদ্ধৰ সময়ত সৈন্যবাহিনীৰ এয়াৰফিল্ড হিচাপে ব্যৱহৃত হোৱা ৰূপচী বিমানবন্দৰ দ্বিতীয় মহাযুদ্ধৰ পিছৰে পৰা নিতাল মাৰি পৰি থকাৰ পিছত বিটিচিৰ নেৰানেপেৰা প্ৰচেষ্টাৰ অন্তত তথা কেন্দ্ৰীয় চৰকাৰৰ উড়ান-২ আঁচনিৰ অধীনত ৰূপচী বিমানবন্দৰ পুনৰাই প্ৰাণ পাই উঠাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে।
কেন্দ্ৰীয় চৰকাৰৰ উড়ান-২ আঁচনিৰ অধীনত উত্তৰ পূৰ্বাঞ্চলৰ পাঁচটা বিমানবন্দৰ কাৰ্যক্ষম কৰি তোলাৰ পৰিকল্পনাৰ আঁচনিৰে ১৯৪৫ চনত নিৰ্মিত ধুবুৰী সদৰ চহৰৰ নাতিদূৰৈৰ তথা বৰ্তমান বিটিএডিৰ বগৰীবাৰী ৰাজহ চক্ৰৰ অধীনৰ ঐতিহাসিক ৰূপচী বিমানবন্দৰৰ ভূমি বৃহস্পতিবাৰে বিটিচি কৰ্তৃপক্ষই ভাৰতীয় বিমানবন্দ প্ৰাধিকৰণক হস্তান্তৰ কৰাৰ পিছতে ৰূপচী বিমানবন্দৰ বিমানৰ গৰ্জনেৰে পুনৰাই মুখৰিত হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰে।