তেজপুৰঃ শ্ৰমিক দিৱসৰ দিনা খাতিখোৱা শ্ৰেণীৰ পৰিয়ালৰ মুখত হাঁহি বিৰিঙোৱাৰ এক ক্ষুদ্ৰ প্ৰয়াসেৰে তেজপুৰস্থিত শিক্ষা প্ৰতিষ্ঠান গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ মেনেজমেণ্ট এণ্ড টেকনলজী’ৰ ‘সহযোগ’ নামৰ স্বেচ্ছাসেৱী সামাজিক উন্নয়ন গোটটোৱে ১ মে’ত এক বিশেষ সাহায্য প্ৰদান অনুষ্ঠানৰ আয়োজন কৰে।
বিশ্ব শ্ৰমিক দিৱসৰ লগত সংগতি ৰাখি হাতত লোৱা এই কাৰ্যসূচীত তেজপুৰৰ নিকটৱৰ্তী গোপচাৰ গাঁৱৰ প্ৰায় ৪০-৪৫ টা পৰিয়ালক Care U 365ৰ সহযোগত সাহায্য প্ৰদান কৰা হয়। গাওঁখনৰ পৰিয়ালবোৰৰ মাজত বিভিন্ন খাদ্য বস্তু, দৈনন্দিন লাগতিয়াল সামগ্ৰী, ব্যৱহাৰযোগ্য কাপোৰৰ লগতে কণ কণ ল’ৰা ছোৱালীৰ মাজত পঢ়াৰ সামগ্ৰীও প্ৰদান কৰা হয়।