77
চামগুৰিঃ সমগ্ৰ ৰাজ্যতে নিৰ্বাচনৰ ধামখুমীয়াৰ মাজতেই প্ৰস্তুতি চলিছে অসমীয়াৰ বাপুতি সাহোন ৰঙালী বিহুৰ। ঢোল, পেঁপা, গগনাৰ মাতে এতিয়া ৰজনজনাইছে সমগ্ৰ অসম। ব্যতিক্ৰম নহয় নগাঁও জিলাৰ পুৰণিগুদামৰ জলাহগাঁৱৰ এগৰাকী শিল্পীও।
অতি দৰিদ্ৰ পৰিয়ালৰ শিল্পীগৰাকী এতিয়া ব্যস্ত সংস্কৃতি চৰ্চাত। পুৰণিগুদাম জলাহগাঁৱৰ নিৱাসী শিল্পী ৰাজু শইকীয়া। এইগৰাকী প্ৰচাৰবিমুখ শিল্পীয়ে সৰুৰেপৰা আছে সংস্কৃতি চৰ্চাৰ প্ৰতি অগাধ ধাউতি।