চামগুৰিঃ সমগ্ৰ ৰাজ্যতে নিৰ্বাচনৰ ধামখুমীয়াৰ মাজতেই প্ৰস্তুতি চলিছে অসমীয়াৰ বাপুতি সাহোন ৰঙালী বিহুৰ। ঢোল, পেঁপা, গগনাৰ মাতে এতিয়া ৰজনজনাইছে সমগ্ৰ অসম। ব্যতিক্ৰম নহয় নগাঁও জিলাৰ পুৰণিগুদামৰ জলাহগাঁৱৰ এগৰাকী শিল্পীও।

অতি দৰিদ্ৰ পৰিয়ালৰ শিল্পীগৰাকী এতিয়া ব্যস্ত সংস্কৃতি চৰ্চাত। পুৰণিগুদাম জলাহগাঁৱৰ নিৱাসী শিল্পী ৰাজু শইকীয়া। এইগৰাকী প্ৰচাৰবিমুখ শিল্পীয়ে সৰুৰেপৰা আছে সংস্কৃতি চৰ্চাৰ প্ৰতি অগাধ ধাউতি।

সেয়েহ হাজাৰ প্ৰত্যাহ্বানকো নেওচি সৰুৰেপৰা বৰ্তমান পৰ্যন্ত এইগৰাকী শিল্পীয়ে চলাই গৈছে সংস্কৃতি চৰ্চা। ঢোল, খোল, তাল, নেগেৰাকে ধৰি প্ৰায় সকলো বাদ্য বজাব জনা ৰাজু শইকীয়া ঢোলৰ ওজা সোমনাথ বৰাৰ শিষ্য। 

কিন্তু সময়ৰ গতিত কেতিয়াবা থমকি ৰ’ব লগা হয় শিল্পীগৰাকী কাৰমণ তেওঁ আৰ্থিকভাৱে দুৰ্বল৷ প্ৰতিটো খোজতেই তেওঁ সন্মুখীন হয় টকা-পইচাৰ অভাৱৰ। বিভিন্ন সময়ত চৰকাৰী পক্ষক বিভিন্ন আবেদন-নিবেদন কৰি আহিছে যদিও শিল্পীগৰাকীয়ে আজি পৰ্যন্ত লাভ কৰা নাই কোনো ধৰণৰ চৰকাৰী সা-সুবিধা।

কিন্তু তাৰ মাজতেই শিল্পীগৰাকীয়ে এই বৰ্ষত নিজৰ গাঁঠিৰ ধন ভাঙি নগাঁও জিলাৰ পুৰণিগুদামৰ হালোৱাগাঁও চাৰিআলিত হালোৱাগাঁও আঞ্চলিক যুৱ মঞ্চৰ সহযোগত আয়োজন কৰিছে এখনি বিহু নাচৰ কৰ্মশালা। 

ইতিমধ্য উক্ত কৰ্মশালাখনত নগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ৩০ গৰাকীতকৈও অধিক প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছে। দৰিদ্ৰতাক প্ৰত্যাহ্বান হিচাপে লৈ এইগৰাকী শিল্পীয়ে আয়োজন কৰা কৰ্মশালাখনৰ অন্তত অহা ১৫ এপিলত নগাঁও জিলাৰ বিভিন্ন প্ৰান্তত বাটৰ বিহু প্ৰৰ্দশন কৰা হ’ব বুলি সংবাদ মাধ্যমক জানিবলৈ দিছে।

ইতিমধ্য ৰাজু শইকীয়াৰ এই প্ৰশংসনীয় পদক্ষেপ দেখি সচেতন বহুলোকে সহায়ৰ হাত আগবঢ়াইছে। এইজন শিল্পীক পৰৱৰ্তী সময়ত চৰকাৰী পক্ষই কেনেদৰে সহায়-সহযোগিতা আগবঢ়ায় সেয়া লক্ষ্যণীয় হ’ব বুলি স্থানীয় সচেতন মহলে মত প্ৰকাশ কৰিছে৷