চামগুৰিঃ ৰঙৰ উৎসৱ ফাকুৱাৰ পুৱাই যেন বিভীষিকা নামি আহিলে চামগুৰিৰ এটা বিশেষ অঞ্চলৰ একাংশ লোকৰ জীৱনলৈ। বৃহত্তৰ চামগুৰি অঞ্চলৰ ওপৰেৰে বুধবাৰে নিশা পাৰহৈ যোৱা এজাক বতাহ-ধুমুহাই বিস্তৰ ক্ষতি সাধন কৰিলে অঞ্চলটোৰ সৰু-বৰ একাংশ অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগতে একাধিক লোকৰ ঘৰ-বাৰি, গছ-গছনিৰো।
নিশা প্ৰায় এক মান বজাত অহা এজাক প্ৰবল ধুমুহা বতাহ বৰষুণৰ ফলত সমুলঞ্চে তচনচহৈ পৰিল চামগুৰিৰ কঠালগুৰিস্থিত “বেপ্তিষ্ট চাৰ্চ” নামৰ গীৰ্জা ঘৰটো। অঞ্চলটোৰ সহস্ৰাধিক খ্ৰীষ্টধৰ্মী লোকৰ আৰাধ্য স্থলি ৰূপে খ্যাত গীৰ্জাঘৰটোৰ টিঙৰ চালি ধুমুহাই উৰুৱাই নিয়াৰ ফলত গীৰ্জাৰ ভিতৰত থকা বহু সংখ্যক মূল্যবান সা-সম্পত্তিৰো বিস্তৰ ক্ষতি সাধন হয়।