86
খাৰুপেটীয়াঃ হোলীৰ আনন্দ উল্লাসৰ মাজতেই বৃহস্পতিবাৰে দৰঙৰ খাৰুপেটীয়াত নিশা ডকাইতি কাণ্ড সংঘটিত হয়৷
নগৰখনৰ মাজমজিয়াত থকা বাবুলাল পোড্ডাৰৰ গৃহত নিশা খিৰিকিৰ গ্ৰীল ভাঙি গৃহস্থক হাত ভৰি বান্ধি মুখত কলা কাপোৰ মেৰিয়াই অহা ৮/১০ জনীয়া ডকাইতৰ দলটোৱে লুটি নিয়ে সোনৰ আ-অলংকাৰৰ সৈতে মূল্যবান সা-সামগ্ৰী৷