খাৰুপেটীয়াঃ সদৌ অসম সংযোগী শিক্ষা কৰ্মীৰ নিযুক্তিৰ দাবীত অহা ৮ মে’ত দিছপুৰ কঁপাব দহ হাজাৰ শিক্ষাকৰ্মীয়ে। আত্মজাহ দিব ব্ৰহ্মপুত্ৰ নদীত।
আজি শিক্ষাকৰ্মীসকলে দৰং জিলাৰ খাৰুপেটীয়াৰ নিকটৱৰ্তী বুঢ়ীগাওঁ হাইস্কুল প্ৰাংগণত অনুষ্ঠিত শিক্ষাকৰ্মী সন্থাৰ দৰং জিলা সমিতিৰ উদ্যোগত আয়োজিত দিছপুৰ চলো কাৰ্যসূচীৰ পূৰ্ণ প্ৰস্তুতি সভাত বৰ্তমান চৰকাৰৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰি উক্ত ভাবুকি প্ৰদান কৰে।