45
গুৱাহাটীঃ আকৌ এবাৰ ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি উঠিল অসমৰ নাৰী৷ অসমৰ নাৰীয়ে পুৰুষৰ সমানে সমানে আগবাঢ়িব পাৰে বুলি সুনাম আছে৷ এই সুনামক সঁচা বুলি প্ৰতিপন্ন কৰিলে আন এগৰাকী অসমীয়া মহিলাই৷
ফেশ্বন জগতত পৰিচিত অসমৰ ফেশ্বন ডিজাইনাৰ সংযুক্তা দত্তই দাদা চাহেব ফাল্কে এক্সেলেন্স এৱাৰ্ড লাভ কৰি এই সুনাম কঢ়িয়াই আনে। হস্ততাঁত তথা বস্ত্ৰ শিল্প কাৰ্যত আগবঢ়োৱা অভিনৱ অৱদানৰ বাবে দাদা চাহেব ফাল্কে এক্সেলেন্স এৱাৰ্ড লাভ কৰে৷