চামগুৰিঃ নগাঁও জিলাৰ চামগুৰিৰ পদুমনিৰ আগশাৰীৰ ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান শংকৰদেৱ শিশু নিকেতনৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস মঙলবাৰে দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায়৷ পুৱা আঠ বজাত মাংগলিক অনুষ্ঠান, পতাকা উত্তোলনৰ পাছতে “শ্ৰীমন্ত শংকৰদেৱ” আৰু “ভাৰত মাতা”ৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে আচাৰ্য্য প্ৰমুখ ৰেখামণি শইকীয়াই৷
দুপৰীয়া নিকেতনৰ কাৰ্যকৰী সভাপতি দিলীপ গায়নৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাৰ সম্পাদক বল্লদেৱ শৰ্মাই স্মৰণিকা “শঙ্কৰজ্যোতি” উন্মোচন কৰে৷ ভাষণ প্ৰসংগত শৰ্মাই শংকৰদেৱ শিশু নিকেতনলৈ শিশু উপযোগী গ্ৰন্থ আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিয়াৰ লগতে অঞ্চলটোত চকু পৰীক্ষা আৰু স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত কৰাৰ ব্যৱস্থা কৰিব বুলি কয়৷