বাইহাটা চাৰিআলিঃ মাথো ডেৰমাহ পূৰ্বে এগৰাকী ১৩ বছৰীয়া কিশোৰীৰ ধৰ্ষণ কাণ্ডৰ চাঞ্চল্যৰ মাৰ নৌযাওঁতেই কামৰূপ জিলাৰ বাইহাটা চাৰিআলি আৰক্ষী থানাৰ অন্তৰ্গত বেজেৰাৰ সমীপৰ বৰনিজৰাত পুণৰ দুগৰাকী মহিলাক যৌন নিৰ্যাতন চলোৱাৰ চেষ্টা কৰাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷
মঙলবাৰে মান্দাকাটাৰ বামুনী গাঁৱৰ দুগৰাকী মহিলাক যৌন নিৰ্যাতন চলোৱা চেষ্টা কৰাৰ ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ বামুনীগাঁৱৰ দুইগৰাকী মহিলাই মান্দাকাটা পাহাৰত খৰি বিছাৰি যোৱাৰ সময়তে দুগৰাকী লোকে যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হয়৷